পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শিৰ-ফুটা
শিলৰ
২৬৩


ৰূপ আচৰণ কৰা, to strike one at a vulnerable point.


শিৰ-ফুটা—বিণ, (শিৰ = মূৰ, এই স্থলত ঘৰৰ মুধা। ) মানুহ বৰ ডাঙ্গৰ হলে অৰ্থাৎ অতি দীঘল হলে মূৰটো মুধা ফুটাই চালৰ ওপৰে দি ওলাব, এনে ভাব বুজোৱা হৈছে। (ডাঙ্গৰ বুলিলে 'দীঘল-ডাঙ্গৰ’ অৰ্থাৎ— ‘আকৃতিত দীঘল’ আৰু ’মানত ডাঙ্গৰ’ দুয়ো বুজায়। 'ডাঙ্গৰ’ শব্দৰ খেল কৰি ’শিৰ-ফুটা’ বাক্য উলিওৱা হৈছে। কোনো কোনো গছ-গছনি চালৰ তলত পৰিলে সিও মুধা ফুটাই ওলায়, ‘শিৰ-ফুটা’ বাক্যৰ লগত এই কথাৰো সাঁচ আছে। ) এতেকে,—সুপ্ৰসিদ্ধ, renowned.

শিৰশিৰাই উঠা—ক্ৰি, চেঁচা পানী লাগিলে গা শিৰশিৰাই উঠে। এতেকে,— বৰকৈ অসুখ আঁশাতি বোধ কৰা, to feel very uncomfort- able.

শৰত তুলি লোৱা—ক্ৰি, নিৰ্ম্মালি বা প্ৰসাদ ভক্তিৰ চিনস্বৰূপে মানুহে শিৰত তুলি লয়। এই স্থলত, কোনো মানুহক ইমান ভক্তি কৰে বোলা হৈছে, যে তেওঁক শিৰত তুলি লয়। এতেকে,—অতিপাত মান-সম্ভ্ৰম দেখুওৱা, to show to high regard to a person.

শিলত মূৰ আফাল—ক্ৰি, অত্যন্ত বেজাৰ হলে মানুহে নিজৰ শৰীৰৰ প্ৰতি আদৰ নাৰাখে আৰু মৰি যাওঁ বুলি যিহতে তিহতে মূৰ আফালে। এই স্থলত, শিলত মূৰ আফালে বোল হৈছে, অৰ্থাৎ এনেৰূপে আফালে যাতে সি ফাটি যাবৰ আশঙ্কা থাকে। এতেকে,—মৰণান্তিক বেজাৰ পোৱা, to be mortified.

শিলক চিকুটি ক্ষয় নিয়াব নোৱৰা—ক্ৰি, নখেৰে চিকুটিলে শিল ক্ষয় নাযায়। বৰলোকক শিলেৰে তুলনা কৰা হৈছে। এতেকে,—তুচ্ছ মানুহে বৰলোকৰ অহিত চিন্তি একো কৰিৰ নোৱৰা, not to be able to harm a powerful person by insignificant hostile acts.

শিলৰ খুঁটি—বিং, শিলৰ খুঁটি লৰাব পৰা নাযায়। এতেকে,—লৰাব নোৱৰা অৰ্থাৎ অচল-অটল মানুহ, বস্তু, গুণ, ইত্যাদি, anything fixed, unalterable or determined.

শিলৰ ৰেখা—বিং, শিজৰ ৰেখ লৰাব নোৱাৰি। এতেকে,—লৰ-চৰ হব নোৱৰা মত বা কাৰ্য্য, an opinion or action which is not