পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শিয়াল-পোৱালি
শিল
২৬২


গৈছিল। অজলা দুটাৰ কাপোৰ আছিল, টেঙ্গৰটোৰ নাছিল। কাপোৰ দুখন দীঘলে দাঁতীয়ে দাঁতীয়ে সি জোৰালে। টেঙ্গৰে কলে:—"মোৰ কাপোৰ নাই। তহঁতে নিজৰ নিজৰ কাপোৰ লৈ শুবি। মোৰ নিমিত্তে কষ্ট পাব নালাগে। মই শিয়নিতে শুম। ” দুই অজলাৰ মাজতে জোৰোৱা কাপোৰৰ শিয়নিত টেঙ্গৰে শুলে। কপোৰ দুখন ঠেক পুতলৰ আছিল। ৰাতি জাৰত অজলা দুটাই এবেলি ইফালে এবেলি সিফালে টনটনি কৰোঁতে, এবেলি এটাৰ গা উদং হয়, এবেলি আনটোৰ গা উদং হয়, কিন্তু টেঙ্গৰৰ জাপ কেতিয়াও নুগুচে। এতেকে —পৰৰ শ্ৰম বা অৰ্থৰ ওপৰত তাতকৈ অধিক সুখ ভোগ কৰা, to live comfortably at the expense of others.

শিয়াল-পোৱালি—বিং, শিয়াল নীচ জন্তু বুলি প্ৰখ্যাত। এতেকে,—নীচ মানুহ (বাপেক ‘শিয়াল’ নাছিল কিন্তু 'পুতেক' শিয়াল হল, এই ভাব বুজাবলৈ 'পোৱালি' শব্দ ব্যৱহৃত হৈছে। ), a wily son.

শিয়াল-বাগি দিয়া—ক্ৰি, শিয়ালৰ দৰে ধৰিবলৈ চল নিদি বাগি দি ফুৰা, ফাঁকি- ফুঁকা দিয়া, to try to deceive by cunning.

শিয়ালৰ জাক জাক--বিং শিয়াল অপদাৰ্থ জন্তু। শিয়ালৰ সংখ্যা অধিক হলেও সিহঁতে ডাঙ্গৰ কাৰ্য্য সাধিব নোৱাৰে। এতেকে,— বহুসংখ্যক অপদাৰ্থ মানুহ, a host of unworthy persons.

শিয়ালৰ ডিঙ্গিত মঙ্গহৰ ভাৰ দিয়া—ক্ৰি, শিয়ালে মঙ্গহ দেখিলে নাখাই থাকিব নোৱাৰে। শিয়ালৰ ডিঙ্গিত মঙ্গহৰ ভাৰ দিলে সি বাটতে মঙ্গহ খাই অন্ত কৰে, ভাৰ নিব লগীয়া ঠাই নাপায় গৈ। এতেকে,—কোনো বস্তু বা কাৰ্য্য ধ্বংস কৰা যাৰ প্ৰকৃতি তেনে মানুহকে সেই বস্তু বা কাৰ্য্যৰ ভাৰ দিয়া, to put a thing or action in charge of a person for protection whose very nature seeks the destruction of it. শিৰ চাই টোকৰ মৰা—ক্ৰি, শিৰত টোকৰ মাৰিলে বেচিকৈ দুখ পায়। বেচিকৈ দুখ দিবলৈ হলে মঙ্গহৰ ওপৰত টো নামাৰি, শিৰ চাই তাৰ ওপৰত টোকৰ মাৰিব লাগে, এই ভাব বুজোৱা হৈছে। এতেকে,—যেনেৰূপ আচৰণ কৰিলে কাৰ্য্য-উদ্ধাৰৰ সুচল হয় তেনে-