পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শালৰ
শিয়নিত
২৬১


contemptible.

শালৰ মাজত শিঙ্গী—বিং, শিঙ্গী মাছে শিঙ্গেৰে বিন্ধে। শাল মাছৰ মাজত শিঙ্গী সোমালে শিঙ্গীয়ে তাকে বিন্ধি ফুৰে। এতেকে—লোকৰ লগত মিল হৈ থাকিব নোৱৰামানুহ, one who is always at loggerheads with others.

শালৰ হাতী মুকলি হোৱা—ক্ৰি, আহোম ৰজাৰ দিনত কোনো ডাঙ্গৰ উৎসৱ হলে বন্দী বেটী, হাতী-ৰখীয়া ঘোঁৰা-চোৱা সকলোকে মেলানি দিয়ে। কাজেই হাতী আৰু ঘোঁৰাক চৰিবলৈ বাজত থোৱা হয়। এতেকে,—ডাঙ্গৰ উৎসৱ উপলক্ষে কাকো, বাদ নিদিয়াকৈ যাৱতীয় কম্মচাৰীক মেলানি দিয়া, the granting of holiday to every one without exception on the occasion of a grand festivity.

শাস্ত্ৰ-সমস্তকৈ—ক্ৰি-বিণ, [ শাস্ত্ৰ-সম্মত কৰি ] শাস্ত্ৰ-বিহিত কাৰ্য্য মাথোন কৰি অৰ্থাৎ যৎসামান্যৰূপে, in a humble way.

শিং গজা—ক্ৰি, শিং আত্মৰক্ষাৰ উপায়। জন্তুৰ শিং গজিলে তাৰ প্ৰকৃত উপকাৰ হয়। এতেকে, —বিশেষ লাভ হোৱা, (ব্যঙ্গাৰ্থ), to be armed with a weapon of defence i. e. to have a real benefit.

শিঙ্গৰা-মূৰীয়া মানুহ—বিং, শিঙ্গৰা মাছৰ মুৰটা চিঁয়া আৰু তাৰ খং খেচি। এতেকে খাঙ্গাল চিঁয়া মূৰৰ মানুহ, বেগতে খং উঠা মানুহ a man of irritable temperament.

শিঙ্গৰি ঘৰত উঠা—ক্ৰি, অহোম-ৰজা সকলে ৰজা হোৱাৰ পিচত শিঙ্গৰি-ঘৰত উঠাৰ নিয়ম আছিল। ৰজা শিঙ্গৰি-ঘৰত উঠিলে তেওঁ ৰাজ্যত নিষ্কন্টকভাৱে প্ৰতিষ্ঠিত হল বুলি গণ্য হৈছিল। এতেকে,—বিধি- অনুযায়ী ৰাজ্যভাৰ গ্ৰহণ কৰা, to assume formally the sovereignty of a country.

শিপা গজা—ক্ৰি, গছৰ শিপা আছে আৰু সেই দেখি সি লৰ-চৰ কৰিব নোৱাৰে। এতেকে,—লৰ-চৰ কৰিব নোৱৰা, to take root i.e. to be unable to move.

শিয়নিত শোৱা—ক্ৰি, (উপকথা) দুটা অজলা আৰু এটা টেঙ্গৰ মানুহ ফুৰিবলৈ