পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লোণ-পাত
লৌলৌ
২৫৭


লোণ-পাত চেলেকোৱা—ক্ৰি, নতুন গৰু ঘৰলৈ আনিলে কিছুমান দিন তাক লোণ- লগোৱা কল-পাত চেলেকিবলৈ দিয়া হয়। লোণ-পাত চেলেকিবলৈ পাই, সেয়েই তাৰ ঘৰ বুলি জানি, সি সেই ঘৰতে থাকিবলৈ ধৰে, আন ঠাইলৈ নাযায়। এতেকে,—স্বাৰ্থ-সিদ্ধিৰ নিমিত্তে খুৱাই-খুৱাই ঘৰলৈ আহ-যাহ কৰোৱা, to tempt a person to visit a house too often with an ulterior motive.

লোণ-ভাৰ পেলাই মাটি-ভাৰ অনা— ক্ৰি, আগৰ দিনত লোণ পাবলৈ টান আছিল। মানুহে বহু কষ্টেৰে মহঙ্গৰৰপৰা লোণ আনিছিল। এই স্থলত কোৱা হৈছে, যে লোণ-ভাৰ পেলাই তাৰ সলনিত মাটি-ভাৰ লৈ আহে। এতেকে,—বহুমূলীয়া বস্তুৰ সলনিত অকামিলা বস্তু অনা, to get a worthless thing in exchange by giving away a valuable thing.

লোৰ গুৰি-কৰাই গালে গালে খোৱা—ক্ৰি, চাউল ভাজি গুৰি-কৰাই তৈয়াৰ কৰা হয়। লোৰ গুৰি খোৱা অসম্ভৱ। এই স্থলত কোৱা হৈছে, যে লোৰ গুৰিকে চাউলৰ গুৰি-কৰাই-স্বৰূপে গালে গালে খোৱা হয়। এতেকে,—অপৰিসীম টান কাৰ্য্য সামাধা কৰা, to perform a Herculean task.

লৌলৌ বিঢ়া ওকণী—বিং, [ লৌলৌ-কৰে যোৱা বিঢ়া ওকণী ] মুৰৰ চুলিত বিঢ়া আৰু লেখি ওকণী আছে। মূৰৰ ওকণী চাওঁতে লেখিয়ে চুলিৰ গুৰিত এনেভাৱে কামোৰ মাৰি লাগি থাকে যাতে মানুহে তাক উফি বুলি ভাবি নমৰাকৈ এৰি দিয়ে। বিঢ়া ওকণী ডাঙ্গৰ। সি লেখিৰ দৰে লুকাই থাকিব নোৱাৰি, মানুহৰ হাতত গম পোৱা মাত্ৰেই, লৌলৌ- কৰে যেনিয়ে তেনিয়ে লৰ মাৰে; আৰু ওকণী চোৱা মানুহ জন সাৱধান নহলে তাক ধৰিব নোৱাৰে। কোনো কোনো মানুহে বিঢ়া ওকণীৰ দৰে যেনিয়ে তেনিয়ে যায়, একে ঠাইতে শান্তিৰে নাথাকে, এই ভাব বুজোৱা হৈছে। এতেকে,—ছটফটীয়া মানুহ, a smart man.

৩৩