পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শত্ৰু
২৫৮

শ।


শ খোৱা শগুন—বিং, মৰাশ ঘৃণনীয় বস্তু। শগুন ইমান লোভী, যে সি গেলা- পচা মৰা-শকো নোখোৱাকৈ নাথাকে। এতেকে,—অতি লোভী মানুহ, a greedy fellow.

শকুনিৰ মন্ত্ৰণা লোৱা—ক্ৰি, কুৰু-পাণ্ডৱৰ যুদ্ধত শকুনি কুট-মন্ত্ৰণাৰ ওজা আছিল। এতেকে,—ফুট মন্ত্ৰণা লোৱা, আওপকীয়া বুদ্ধি লোৱা, to follow a cunning advice.

শক্তি চাই ভক্তি—বিং, যি মানুহৰ যেনেকুৱা শক্তি অৰ্থাৎ আৰ্থিক অবস্থা, সেই মানুহে তেনেকুৱা সম্ভাৰ গোটাই পূজা কৰি ভক্তি দেখুৱাব পাৰে। এতেকে,—যাৰ যিমান সাধ্য সেই পৰিমাণে কৰা কাৰ্য্য, action commensurate with one's capacity.

শগুনৰ শাওত বুঢ়া গৰু নমৰা—ক্ৰি, মৰা-শ খাবলৈ পাম বুলি শগুনে বুঢ়া গৰু মৰিবলৈ শাও দিব পাৰে, কিন্তু তাৰ শাওতে বুঢ়া গৰু নমৰে বোলা হৈছে। স্বাৰ্থপৰ মানুহক শগুনেৰে তুলনা কৰা হৈছে। এতেকে,— স্বাৰ্থপৰ মানুহৰ অহিত-চিন্তাৰ নিমিত্তে কোনো মানুহৰ অপকাৰ নোহাৱা, the occurring of no evil to one merely because a selfish person wishes it.

শঠা মিতিৰ পতা—ক্ৰি, [ শঠে মিতিৰালি পতা ] অসৰলভাৱে স্বাৰ্থসিদ্ধিৰ উদ্দেশেৰে বন্ধুতা-স্থাপন কৰা, to entreat friendship with a view to serve one's own ends.

শত্ৰু যেন বন্ধা, মিত্ৰ যেন নিয়া— ক্ৰি, ভাৰ বান্ধিবলৈ হলে শত্ৰুক যেনেকৈ বান্ধে, তেনেকৈ বান্ধিব লাগে, অৰ্থাৎ ভাৰ এনে টানকৈ বান্ধিব লাগে, যাতে সি বাটত নোসোলকে। তেতিয়া সেই ভাৰ মিত্ৰৰ নিচিনাকৈ অৰ্থাৎ ভাল মতে নিব পৰা যায়। এতেকে,—যাতে ভবিষ্যতে অমিল হবৰ আশঙ্কা নাথাকে সেই মতে কোনো কাৰ্য্যৰ বন্দবস্ত পকা কৰি লোৱা, to lay down the terms of an agreement strictly and unalterably so that the parties may work on in perfect amity and concord.

শত্ৰু শলা—ক্ৰি, শত্ৰু যেনেকৈ শালত দিয়ে তেনেকৈ দিয়া অৰ্থাৎ শত্ৰু-ভাৱেৰে