পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
লেলাট
লোণ
২৫৬


অৰ্থাৎ পেলাই। ) বৰকৈ দুখ ভাগৰ হলে গা পেলাই দি অৰ্থাৎ অবশ হৈ মুখেৰে শেহাবলৈ ধৰি লালতিয়ায়। এতেকে— দুখে-ভাগৰে কাল কটোৱা, অতি কষ্টেৰে জীৱনধাৰণ কৰা, to live very miserably.

লেলাট ভুঞ্জা—ক্ৰি, [ ললাট লিখন ভুঞ্জা ] পূৰ্ব্ব-জন্মৰ আৰ্জ্জন অনুযায়ী কষ্ট ভোগ কৰা, to suffer misery as a punishment for sin in the previous birth.

লৈ লৰ মৰাও নহয়, দলিয়াই পেলোৱাও নয়—বিণ, কোনো বস্তু অতি ভাল হলে মানুহে তাক লৈ লৰ মাৰে অৰ্থাৎ হেঁপাহেৰে লৈ যায় আৰু অতি বেয়া হলে তাক দলিয়াই পেলায় অৰ্থাৎ ঘিণ কৰি নিনিয়ে। এতেকে,—বৰ ভালো নহয় আৰু বৰ বেয়াও নহয় অৰ্থাৎ মজলীয়া গুণ- বিশিষ্ট, neither too good nor too bad i. e middling.

লৈলৈ-থৈথৈ—বিং, [ লৈ যোৱা থৈ যোৱা দ্বিত্ব ] আটাইবিলাক মানুহক নিব নোৱাৰি, কিছুমান লৈ যায় আৰু কিছুমান থৈ যায়। এতেকে,— বেমেজালি, বহু-দুৰ্গতি, chaos, disorder, distress.

লোকৰ ওপৰত উশাহ লোৱা—ক্ৰি, উশাহ নিজে লব লাগে। এই স্থলত লোকৰ উশাহৰ দ্বাৰা উশাহৰ দ্বাৰা উশাহ লয় বোলা হৈছে। উশাহৰ দ্বাৰা জীয়াই থাকে। এতেকে,—পৰৰ অনুগ্ৰহৰ ওপৰত প্ৰাণধাৰণ কৰা, to be dependent on others' bounty.

লোকলৈ হুল পুতি নিজে ফুটিমৰা—ক্ৰি, দুষ্ট মানুহে লোকক অপকাৰ কৰিবৰ নিমিত্তে বাটত হুল পুতি থয়। এই স্থলত কোৱা হৈছে, যে মন কৰিব নোৱাৰি কেতিয়াবা সেই হুলতে সি নিজে পৰি সাংঘাতিক আঘাত পায়। এতেকে,—পৰৰ অনিষ্ট চিন্তা কৰোঁতে নিজৰ তদ্ৰূপ অনিষ্ট হোৱা, to full a victim oneself to a trap laid for other people.

লোকে লোকে কোৱা কথা—বিং, [ লোকে লোকক কোৱা কথা ] উৰা বাতৰি, a gossip, a rumour.

লোণ খুটি ভাত খোৱা—ক্ৰি, কঙ্গাল মাহে লোণ খুটি ভাত খায়, ভাতৰ লগত আঞ্জা-পাচলি নাথাকে। এতেকে--নিচেই দুখীয়া খাৱনেৰে খোৱা, to eat a very poor meal.