পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰা
মৰো-জীওঁ
২২৪


মৰা মেকুৰী—বিণ, মেকুৰীক ধৰা বৰ টান। কেতিয়াবা ধৰিব পাৰিলে তাক বৰকৈ মৰিওৱা হয়। তেতিয়া সি মৰাতুল্য হয়। এতেকে,— নিৰ্বীৰ্য্য মানুহ, an imbecile.

মৰাৰ দিন বঢ়া— ক্ৰি, মৰা মানুহৰ দিন অৰ্থাৎ মৰাৰ পিচৰপৰা কাল নিৰ্ণীত হয়। সেই কাল ক্ৰমশঃ বাঢ়ি যায়। এতেকে,— মৃত্যুকাল ক্ৰমশঃ অতীতৰ ফালে আগুৱান হোৱা অৰ্থাৎ মৃত্যুকাল পুৰণি হৈ যোৱা, the passing away of the time of death more and more n to the womb of the past.)

মৰা মুৱা—ক্ৰি দাহৰ সময়ত চিতাৰ ওপৰত মৰা মানুহৰ মুখ উত্তৰ পোনে থাকিব লাগে। এতেকে,—উওৰ দিশ, the north.

মৰি পৰি ধৰ —ক্ৰি, [ মূৰে পূৰ দি ধৰা ] ডাঙ্গৰ গছ খুজিলে হাতীয়ে মূৰেৰে পূৰ দি ধৰে। এতেকে,—কোনো কাৰ্য্য পূৰা বল দি কৰিবলৈ চেষ্টা কৰা, to attempt to do a thing with might and main.

মৰিবলৈ জীবলৈ—ক্ৰি-বিণ, শপথৰ বাক্য। নিশ্চয়তা বুজাবৰ নিমিত্তে ব্যৱহৃত হয়। মৰিবৰ নিমিত্তে আৰু জীবৰ নিমিত্তে প্ৰতিজ্ঞা কৰি কৈছোঁ অৰ্থাৎ যদি মিছাকৈ কৈছোঁ তেনেহলে মৰিম আৰু যদি সঁচাকৈ কৈছোঁ তেনেহলে জীম”, a form of s lemn oath.

মৰিলে গাতে অঁটা, জীলে ভাতে অঁটা —ক্ৰি, মৰা-শ গাঁতত পোতা হয়। এই স্থলত কোৱা হৈছে, যে মৰিলে গাঁতে আঁটিব অৰ্থাৎ পুতিবলৈ গাঁতৰ নাটনি নহয়, আরু জীলে ভাতে আঁটিব অৰ্থাৎ খাবলৈ ভাতৰ নাটনি নহয়। এতেকে,—জীৱন-মৰণৰ নিমিত্তে ভয় নোহোৱা, to live an indifferent life.

মৰিলেও মৰ-কামোৰ নেৰা—ক্ৰি , কাছই কোনো মানুহক কামুৰিলে তাক এৰি নিদিয়ে। কাছক যদি কাটি মাৰি পেলোৱা হয়, তথাপি সি কামোৰ নেৰে। সেই কামোৰেই কাছৰ মৰ-কামোৰ হয় অৰ্থাৎ তাৰ মৃত্যু আনে। এতেকে,— প্ৰাণ গলেও কোনো কাৰ্য্য কৰিবলৈ নেৰা, not to give up doing a thing till the bitter end.

মৰো-জীওঁ সোঁ-আধিকৈ—ক্ৰি-বিণ, ( সোঁ-আধি=সম আধি বা সমান আধা)