পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মৰ-আঁউসী
মৰা
২২৩


মৰ-আঁউসী—বিং, জোন মৰা পক্ষৰ আঁউসী অৰ্থ্যাৎ কৃষ্ণপক্ষৰ অমাৱস্যা তিথি the darkest night of a lunar month.

মৰ-জাহ দিয়া— ক্ৰি, কীট পতঙ্গ আদি প্ৰাণীয়ে জুইত পৰি জাহ গৈ মৰে। এতেকে,—জানি-শুনি বিপদ-সঙ্কুল কাৰ্য্যত হাত দি নষ্ট হোৱা, to be ruined by running in to a dangerous situation deliberately.

মৰ নৈ—বিং , মৰা নৈ, সোঁত ববলৈ এৰা নৈ, a silted up stream.

মৰ সাহ কৰা—-ক্ৰি, যাৰ দ্বাৰা মৰণ মিলে তেনে সাহ কৰা, অতিৰিক্ত সাহ কৰা , to be over-bold.

মৰণত শৰণ দিয়া—ক্ৰি, মৰণৰ কালত শৰণ অৰ্থাৎ দোহাই দিয়া হয়। ’শৰণ’ শব্দে প্ৰকৃততে ‘আশয়’ বুজায়। বিপদত পৰিলে বলৱন্তৰ শৰণ লোৱা হয়। এতেকে,—প্ৰাণপণ কৰা, to make effort to the utmost limit.

মৰমৰ চুমাই নাকটি ছিঙ্গা—ক্ৰি, কপট-মিত্ৰ মানুহে গাত মৰমেৰে চুমা খোৱাৰ ছলত নাকৰ আগটি কামুৰি ছিঙ্গে। ( নাকটি=নাক আগটি। ) এতেকে,—মিত্ৰভাৱে শত্ৰুতাচৰণ কৰা, to aot hostility under cover of friendship.

মৰা গৰু—বিং, মৰা গৰুতকৈ হিন্দুৰ অপবিত্ৰ বস্তু একো নাই। এতেকে,— অতি অপবিত্ৰ বস্তু, a very impure or loathsome object.

মৰাৰ ছাল টনা—বিণ, কোনো মানুহে পৰৰ সৰ্ব্বস্ব হৰণ কৰে। পাচত তাক বধ কৰে। শেষত মৰা-শটোৰ গাৰপৰা ছালখন টানি আনে। এতেকে,—আন মানুহক অত্যাচাৰ কৰি স্বাৰ্থসিদ্ধি কৰা; তাৰ- পৰা—দুৰ্ঘোৰ কৃপণ, acting selfishly by outrangeous means; hence, extremely miserly.

মৰা গৰুৰ ছালে বেবোৱা— মৰা গরুৰ ছালেৰে ঢোল ছোৱা হয়। গৰুৱে বেবায় অৰ্থাৎ শব্দ কৰে। এতেকে,—-ঢোলে শব্দ কৰা অৰ্থাৎ ঢোলৰ বাদ্য হোৱা, the sounding of drums

মৰা মুখত চুমা নিদিয়া— ক্ৰি, জীয়া মানুহৰ মুখত চুমা দিয়ে, কিন্তু মৰা মানুহৰ মুখত চুমা নিদিয়ে। এতেকে,—দুখীয়া মানুহক মৰম চেনেহ নকৰা, to have no love for one who is poor.