পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
মলুৱা
মহলৈ
২২৫


মৰোঁ বা জীওঁ বুলি মৰণ আৰু জীৱনৰ সামানে আধা স্থলত অৰ্থাৎ মৰণ আৰু জীৱনৰ সন্ধি-স্থলত জীৱনৰ আশা নাৰাখি আৰু মৰণৰ ভয় এৰি, desperately.

মলুৱা বান্দৰ—বিং, মলা-পাত্ৰৰ নিচিনা ঘুৰণীয়া আৰু ওফোন্দা মুখৰ বান্দৰক মলুৱা বান্দৰ বোলে। এই বিধ বান্দৰে যাৰে তাৰে বাৰীয়ে ঘৰে— সোমাই মানুহক অনেক প্ৰকাৰেৰে আহুকাল কৰি ফুৰে। এতেকে,— লোকক আহুকাল কৰি ফুৰা দুষ্ট মানুহ, a mischief-maker.

মহঙ্গীয়া লোণ—বিং, আহোম ৰজাৰ দিনত লোণ সহজে পোৱা নগৈছিল। বহু কষ্টেৰ মানুহবিলাকে মহঙ্গপৰা লোণ আনি বছেৰেকৰ ব্যৱহাৰৰ নিমিত্তে আটায়ে অলপ-অলপকৈ বঁটাই লৈছিল। এতেকে,— আপুৰুগীয় বস্তু, a rare and valuable thing

ম'হ টোকোন——বিং, ম'হ-গুৱালে লৈ ফুৰা টোকোন, শকত-ডাঙ্গৰ টোকোন, a heavy club.

ম’হত কৈ শিং চৰা—ক্ৰি, ম'হতকৈ শিং চৰা হলে অৰ্থাৎ ম’হে শিং জোৰ বলে নোৱৰা হলে, সি মুৰটো তললৈ দোঁৱাই থাকে। তেনে স্থলত, শিং জোৰ তাৰ লাভৰ নিমিত্তে নহৈ অসুবিধাৰ কাৰণ মাথোন হয়। এতেকে,—চম্ভালিব নোৱৰা বস্তু বা বিভূতিৰ গৰাকি হোৱা, to have a burden which is too much for one to bear.

মহন্তৰ চিন মাহনীত ওলোৱা—ক্ৰি, মহন্তই বাহিৰত নোমোছা ঠাইত কাপোৰে- কানিয়ে নাখায়। মাহনীত মানুহ সোমালে, মাহ-গছৰ আঁৰত আনে দেখা নাপায়। তেনে স্থলত মাহ খাবৰ নিমিত্তে লোভ স্বভাৱতে প্ৰৱল হয়। যি প্ৰকৃত মহন্ত, তেওঁৰ মাহনীত চিন ওলায়, অৰ্থাৎ সদাচাৰী হলে মাহ নাখায় কিন্তু কপটীয়া হলে মাহ কোনেও নেদেখা- কৈ খায়। কোনো মানুহ প্ৰকৃততে ভাল নে, এই কথা, তেওঁ যেতিয়া বেয়া ঠাইত পৰে, তেতিয়া হে বুজিব পৰা যায়। এতেকে,—সজ মানুহৰ চিন অসজ ঠাইত ওলোৱা, the testing of the true mettle of a good man by putting him in place where the temptation is very great.

মহলৈ নমৰি যহলৈ মৰা—ক্ৰি, (যহ= যশস্যা। ) দুখীয়া মানুহে মহৰপৰা ৰক্ষা পাবৰ নিমিত্তে সৰু আঁঠুৱা তৰি ঢাৰীপাটীৰ চাৰিও-পোনে