পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাহিৰে
বিধতাৰ
২০০


anything beautiful to look at but possessing no intrinsic value.

বাহিৰে লটপট ভিতৰে কপট—বিং, (লট্ পট্= লেট পেট। ) বাহিৰে লেট-পেট অৰ্থাৎ অতি মিল কিন্তু ভিতৰে কপট ভাব, hostility under cover of friendship.

বাহু দাঙ্গি কোৱা—ক্ৰি, বাহু স্বৰ্গৰ ফালে দাঙ্গি কোৱা অৰ্থাৎ ঈশ্বৰক চিন্তি কোৱা, to speak with all earnestness, to speak confidently.

বিজুলী-সঞ্চাৰে যোৱা—ক্ৰি, বিজুলীৰ সঞ্চালনেৰে অৰ্থাৎ গতিৰে যোৱা, অতি বেগেৰে যোৱা, to travel with a lightening speed.

বিদা কৰা—ক্ৰি, [ বিদ্যা কৰা ] কোনো এটা বিদ্যা জনা বুলি আনক দেখুৱাবৰ অভিপ্ৰায়েৰে কাৰ্য্য কৰা, to make a vain display of knowledge.

বিদা লগা—বিণ, [ বিদ্যা লগা ] কোনো প্ৰকাৰৰ বিদ্যা থকা, যেনে লেখা-পঢ়া বিদ্যা, শিল্প-বিদ্যা ইত্যাদি, qualified in any branch of useful knowledge.

বিদ্যাই লাগ দিয়া—ক্ৰি,( লাগ দিয়া =লগ দিয়া। ) বিদ্যাই লগ পাবলৈ দিয়া, বিদ্যাক খেদি ধৰিব পৰা অৰ্থাৎ বিদ্যাৱন্ত হোৱা, to be endowed with knowledge.

বিধতাই দিলেও তিৰতাই নিদিয়া—ক্ৰি, পূৰ্বজন্মত বিধতাই যাৰ কপালত সৌভাগ্য লিখি দিয়ে, সি হে এই জন্মত সুখী হব পাৰে। এই স্থলত কোৱা হৈছে, যে বিধতাই দিলেও তিৰতাই অৰ্থাৎ নিজৰ ঘৈণীয়ে নিদিয়ে। ঘৰৰ গৰাকি ঘৈণী। কোনো বস্তু ঘৈণীয়ে দিহা-পোহা কৰি দিলে হে তাক পোৱা যায়, নহলে বস্তু ঘৰত থকা স্বত্বেও তাক ভোগ কৰিবলৈ পোৱা নাযায়। এতেকে,—ঘাই গৰাকিৰপৰা কোনো বস্তু পালেও বিলনীয়াই বিলাই নিদিয় , the withholding of a gift of a donor by a person who is appointed to administer it.

বিধতাৰ খোঁচ—বিং, [ বিধতাৰ কলমৰ খোঁচ ] কপালত লিখা বিধিৰ লিখন, ভাগ্যলিপি, destiny.