পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বিধি-পথালি
বিৰ
২০১


বিধি-পথালি দিয়া—ক্ৰি, বিধিয়ে ( বিধতাই ) পথালি দিয়া অৰ্থাৎ বাট ভেঁটি ধৰা। দৈবে ব্যাঘাত জন্মোৱা, to be confronted with misfortune.

বিধিৰ লিখন—বিং, বিধিয়ে ( বিধতাই) মানুহৰ কপালত সুখ-দুখ আদি বিষয় লিখি দিয়ে বুলি কয়। এতেকে, —ভাগ্য, destiny.

বিধুতি হোৱ—ক্ৰি, ( ধুতি ==ধৌত, শুচি। বিধুতি =অশুচি। ) ঋতুমতী হোৱা, to | be affected with menstruation

বিনচলৈ ওহৰা—ক্ৰি, গাই গৰুৱে প্ৰসৱৰ সময় হলে ওহাৰে অৰ্থাৎ তেতিয়া হে ওহাৰত গাখীৰ গোট খায়। প্ৰসৱৰ পূৰ্ণ-কাল নৌ হওঁতেই যদি তাই ওহাৰে, তেনেহলে পোৱালি বিনচ, বিনষ্ট)হয়। এতেকে,— অসময়ত ঐশ্বৰ্য্য-বিভূতি অমঙ্গলৰ নিমিত্তে হোৱা, to come to possess fortune before proper time which is a sign foreboding evil.

বিনা-মেঘে বজ্ৰপাত—বিং, মেঘ নহলে বজ্ৰপাত নহয়। এই স্থলত, মেঘ নোহো- ৱাকৈ বজ্ৰপাত হয় বোলা হৈছে। বজ্ৰ শবে ‘দুৰ্ঘোৰ বিপদ’ বুজাইছে। এতেকে,—পূৰ্ব্ব-জাননী নোহোৱাকৈ দুৰ্ঘোৰ বিপদ-উদয়, অকস্মাৎ মহাবিপদৰ আৰ্বিভাৱ, the occuring of a great calamity without warning.

বিপদ মাতি অনা—ক্ৰি, যি কাৰ্য্যত নিশ্চিত বিপদ ঘটে তেনে কাৰ্য্য জানি-শুনি কৰা, to invite danger.

বিবি-বাবা গোৱা—ক্ৰি, অস্পষ্ট ভাষা ব্যৱহাৰ কৰা, অৰ্থশূন্য কথা কোৱা, যিহকে- তিহকে বলকা, to talk unintelligibly, to talk nonsense.

বিয়াৰ পানী পোৱা--ক্ৰি, বিয়াত দৰা-কন্যাক পানী তুলি নোৱায়। প্ৰবাদ আছে যে, নোৱনী-পানী পালে মানুহ চিকুণ হয়। এতেকে,—দৰা- কন্যাই বিয়াৰ পাচত চিকুণ হোৱা, the attaining of bloom and vigour by a married couple after wedlock.

বিৰ দি বাট নোপোৱা—ক্ৰি, [ ভিৰ দি বাট নোপোৱা ] বহু প্ৰজা কোনো ঠাইত গোট খালে, তাৰ ভিতৰলৈ সোমাবলৈ বাট পোৱা নাযায়। এই স্থলত কোৱা হৈছে, যে গাৰ ভিৰ দি অৰ্থাৎ গাৰ হেঁচা দি ঠেলিও বাট পোৱা নাযায়। এতেকে,—বহু প্ৰজাৰ সমাগম হোৱা, the collecting of a dense crowd.