পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাৰ
বাহিৰে
১৯৯


বঙ্গাল বুলিছিল। এতেকে,— বাৰ ঠাইৰপৰা অহা বাৰ ৰকমৰ বঙ্গলুৱা মানুহ, নানা ঠাইৰপৰা অহা বিদেশী মানুহ, people of various nationalities.

বাৰ বুৰি—বিণ, কুড়িটাই এবুৰি হয়। এতেকে,—একুড়ি, অৰ্থাৎ বহু-সংখ্যক, numerous.

বাৰ বাহতুৱা মানুহ—বিং, [ বাৰ বসতুৱা মানুহ ] বাৰ ঠাইৰপৰা আহি বসতি কৰা মানুহ, যৰে তৰেপৰা আহি থকা নানা প্ৰকাৰ মানুহ, all sorts of people.

বাৰ ভচহু কথা— বিং, বাৰ ৰকমৰ ভচ্-ভচ্-কৰে কোৱা কথা, নানা প্ৰকাৰৰ অলাগতিয়াল কথা a good deal of irrelevant matter.

বাৰ হাত কেৰেলাৰ তেৰ হাত গুটি হোৱা—ক্ৰি, যি কোৰোলাৰ গছ ডাল বাৰ হাত দীঘল, তাৰ গুটিটো তেৰ হাত দীঘল হোৱা অসম্ভৱ। এতেকে,—অসম্ভৱ ঘটনা হোৱা, the happening of a miraculous event.

বাৰেওটি কাল, তেৰও যুগ— বিং, ( বাৰেওটি কাল == বাৰেওটি মাহ কাল। ) ১২ বছৰে ১ যুগ হয়। ‘তেৰও যুগ’ এই কথাৰ দ্বাৰা ‘বাৰতকৈও বেচি যুগ’ বুজোৱা হৈছে। এতেকে,—চিৰকাল, perpetually, for ever.

বালিচাহিৰ পৰা গজ হস্তীলৈ—ক্ৰি-বিণ. বালিচাহি অতি সৰু, গজ-হস্তী অতি ডাঙ্গৰ। এতেকে,—অতি সৰুৰপৰা অতি ডাঙ্গৰলৈ, from the lowest to the highest.

বালি ভাত খোৱা—ক্ৰি, কোনো আমোদ-উৎসৱত নৈৰ বালিত গৈ ভাত ৰান্ধি খোৱা হয়। এতেকে,— দূৰণি ঠাইলৈ গৈ আমোদ-উৎসৱ কৰা, to make a holiday excursion.

বাহিৰে ৰং-চং ভিতৰে কোৱা-ভাতুৰি—বিং, কোৱা-ভাতুৰিৰ বাহিৰ ফাল দেখিবলৈ ৰং-চঙ্গিয়া, কিন্তু ভিতৰ ফাল অসাৰুৱা। অকল বাহিৰ ফাললৈ চালে, সি যে কোৱা-ভাতুৰিতকৈ ওখ খাপৰ গুটি, এনে ধাৰণা ওপজে কিন্তু সি যে প্ৰকৃততে কোৱা-ভাতুৰি, আন একো নহয়, সেই কথা তাৰ ভিতৰ ফাল চালে বুজিব পৰা যায়। এতেকে,—দেখাত ধুনীয়া কিন্তু প্ৰকৃততে অসাৰুৱা কাৰ্য, মানুহ ইত্যাদি,