পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাটে
বান্দৰৰ
১৯৫

এটা বাটৰ পৰা বহুত সৰু সৰু বাট ওলাই যায়। সেই দেখি জন্তুৰে সৈতে বাটৰ তুলনা কৰা হৈছে। এতেকে,—খৰালি হোৱা, the setting in of cold weather.

বাটে যোৱা—ক্ৰি, সৰ্ব্ব প্ৰচলিত ৰীতি অনুযায়ী কাৰ্য্য কৰা, to take the trodden path, to act according to the accepted ideas of usage and custom.

বাঢ়ৈটোকা মানুহ—বিং, বাঢ়ৈটোকা চৰায়ে বাঢ়ৈৰ দৰে কাঠত টোক্-টাক্ কৰি থাকে; সি কেতিয়াও শাঁতিৰে বহি নাথাকে। এতেকে,—ডেও-ধুপাল পাৰি ফুৰা দুষ্ট মানুহ, a fidgety or uneasy person.

বাণ-বাৰিষা কাল—বিং , [ বাণ অহা বাৰিষা কাল ] ঘোৰ বাৰিষা বতৰ, the season of rains and flood.

বাণ মৰা—ক্ৰি, [ মোহিনী বাণ মৰা ] পূৰ্ব্ব-কালত যুদ্ধত মোহিনী বাণ মাৰি শত্ৰুক মুগ্ধ কৰি পেলাই থয়। এই কাৰ্য্য মন্ত্ৰৰ দ্বাৰা সাধিত হৈছিল। সেই মন্ত্ৰ আজি কালিও আসামত প্ৰচলিত আছে বুলি কয়। এতেকে,—মুগ্ধ কৰা, to enchant, to bring under perfect control.

বাতৰি গৰগাঁও পোৱা গৈ—ক্ৰি, গৰগাওঁ অসমৰ ৰাজধানী আছিল। সৰু-সুৰা বাতৰি ৰাজধানীলৈ নগৈছিল। ডাঙ্গৰ বাতৰি হলে চাৰিও পোনে প্ৰচাৰিত হৈ ক্ৰমে ৰাজধানী পায় গৈ। এতেকে,—বাতৰি বহু দূৰলৈকে প্ৰচাৰিত হোৱা, the spreading of a news far and wide.

বান্দৰৰ ঘা—বি, বান্দৰৰ ঘা লাহে লাহে বিয়পি যায়। এতেকে,—যাৰপৰা অনিষ্ট বাঢ়ি যায় তেনে অশুভ কাৰ্য্য, an evil which steadily increases.

বান্দৰৰ ডিঙ্গিত মুকুৰ মালা পিন্ধোৱা—ক্ৰি, পূৰ্ব্ব-কালত সীতা দেবীয়ে হনুমানক এবাৰ মুকুতাৰ মালা বঁটা দিছিল। হনুমানে তাক দাঁতেৰে কামুৰি ছিঙ্গি পেলালে। সেই ঘটনাৰপৰা এই বাক্যৰ উৎপত্তি হৈছে। এতেকে,—যি মানুহে বহুমূলীয়া বস্তুৰ মোল নুবুজি তাক অনাদৰ কৰে তেনে মানুহক তেনে বস্তু দিয়া, to give a valuable thing to an unworthy recipient.