পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বান্দৰৰ
বান্দৰে
১৯৬


বান্দৰৰ ডিঙ্গিত সোণৰ হাৰ পিন্ধোৱা—ক্ৰি. [ ‘বান্দৰৰ ডিঙ্গিত মুকুতাৰ মালা পিন্ধোৱা’ চোৱাঁ। কোনো লোকৰ মতে সীতা দেবীয়ে হনুমানক সোণৰ হাৰ দিছিল, মুকুতাৰ মালা নহয়। ]

বান্দৰৰ মুখৰ কল ভুকুৱালে সৰা—ক্ৰি বান্দৰে কল মুখত সুমাবলৈ পালে, তাক কেতিয়াও উলিয়াই নেপেলায়। তাক ধৰি যদি গালত ভুকুৱাই দিয়া যায়, তেতিয়া হে কল সৰি পৰে। বান্দৰে ইচ্ছা কৰি কল নিদিয়ে। কাকুতি-মিনতি কৰিলে সি কল উলিয়াই নিদিয়ে। বল-প্ৰয়োগৰ দ্বাৰা হে তাৰ মুখৰ কল পাব পাৰি। এতেকে,—অতিৰিক্ত স্বাৰ্থপৰ মানুহৰপৰা কোনো বস্তু বল-প্ৰয়োগৰ দ্বাৰা পোৱা, to obtain a thing from an extremely selfish person by use of physical force only.

বান্দৰৰ সাত পুৰুষ ডাল কোবাই যোৱা—ক্ৰি, বান্দৰে অতীজৰেপৰা গছৰ ডালে ডালে বগাই ফুৰি কাল নিয়াব লাগিছে। সি আজিলৈকে থাকিবৰ নিমিত্তে ঘৰ-দুৱাৰ সাজিবলৈ শিকা নাই। এতেকে,— বহু-কলীয়া ৰীতি অনুসাৰে চলা, to follow a time-honoured custom.

বান্দৰি চৰিওৱা দিয়া—ক্ৰি, বান্দৰবিলাকে পৰস্পৰ প্ৰীতি আৰু সৌহাৰ্দ্দ বুজাবৰ নিমিত্তে ইটোৱে সিটোৱে গালত টপুচ্-টাপুচ কৰে চৰিয়ায়। এতেকে,—কম জোৰেৰে ঘনকৈ চৰিওৱা, to slap a person several times slightly on the face.

বান্দৰি নচুৱা দিয়া—ক্ৰি, বান্দৰক যেনেকৈ নচুয়ায়, বান্দৰে তেনেকৈ নাচে। এতেকে,—কোনো মানুহে তাৰ সম্পূৰ্ণ নিজৰ মতেৰে পৰক চলোৱা, to guide a person entirely according to one's own will.

বান্দৰে নাৰিকলৰ মোল নুবুজা—ক্ৰি, বান্দৰে নাৰিকল ভাঙ্গিব নোৱাৰে। সি কেতিয়াও নাৰিকল খাবলৈ নাপায়। নাৰিকল কেনে সোৱাদ ফল, সি তাক নাজানে। এতেকে,—ইতৰ মানুহে ওখ শ্ৰেণীৰ বস্তু বা কাৰ্য্যৰ স্বৰূপ নিৰ্ণয় কৰিব নোৱৰা, the failing to gauge the real value of a high-class thing or action by a vulgar person.

বান্দৰে সাগৰৰ পানী খাই ঢুকাব নোৱৰা—ক্ৰি, সাগৰৰ পাৰৰ হাবিত অসংখ্য