পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাট
বাটে
১৯৪


অৰ্থাৎ যিটো বাট নহয় সেই পোনে নাযায়। এতেকে,—প্ৰচলিত ৰীতি এৰি কোনো কাৰ্য্য কৰা, to go out of the beaten track, to act against an established custom.

বাট কুৰি বোৱা—ক্ৰি, [ বাট বুকুৰে বগোৱা ] বাটে দি ভৰিৰে খোজ কাঢ়ি নগৈ বুকুৰে বগাই যায় বোলা হৈছে। এতেকে,—অতি কষ্টেৰে বাট অতিক্ৰম কৰি যোৱা, to walk on with difficulty.

বাট কেঁৰা লগা—ক্ৰি, কোনো যন্ত্ৰৰ এটা অংশ আন এটা অংশেৰে মিল নহলে কেঁৰা লগা বোলে। বাটে দি মানুহ চলাচল কৰোঁতে কেতিয়াবা দুফালৰপৰা দুটা মানুহ আহোঁতে কেঁৰা লাগে অৰ্থাৎ ইজনে সিজনৰ ঠিক সন্মুখত ভেঁটাস্বৰূপ হয়। এতেকে,—বাটত সম্মুখা-সম্মুখি হোৱা, to meet each other on the way face to face——the two coming from opposite directions.

বাটত বগৰি জেং দিয়া—ক্ৰি, বগৰি-জেং কাইটিয়া। বাটত বগৰি-জেং দিলে সেই বাটে মানুহ যাব নোৱাৰে। এতেকে,—বাট ভেঁটা দিয়া, to put obstacles in the way.

বাটৰ বলিয়া—বিণ, ঘৰ এৰি বাটে-পথে ফুৰা বলিয়া, ডাঙ্গৰ বলিয়া, stark mad.

বাটৰ বাটৰুৱা—বিং, বাটে দি অনেক বাটৰুৱা গৈ থাকে। বাটৰ কাষত থকা ঘৰবিলাক পাৰ হৈ গৈ থাকে। সেইবিলাক ঘৰৰ মানুহেৰে সৈতে বাটৰুৱাৰ কোনো সম্পৰ্ক নাই। এতেকে,—কোনো প্ৰকাৰৰ সম্পৰ্ক নথকা মানুহ, সম্পূৰ্ণৰূপে নিলগীয়া মানুহ, a thoroughly unconnected person, a perfect stranger.

বাটলৈ চোৱা—ক্ৰি, বাটে দি মানুহ আহে। কোনো মানুহ আহিব লগীয়া থাকিলে বাটলৈ চাই থকা হয়। এতেকে,—অপেক্ষা কৰা, to expect the arrival of a person.

বাটে-ঘাটে—ক্ৰি-বিণ, যতে ততে প্ৰকাশ্য ঠাইত, anywhere and everywhere.

বাটে-পথে—ক্ৰি-বিণ, যতে ততে প্ৰকাশ্য ঠাইত, anywhere and everywhere.

বাটে পোৱালি মেলা—ক্ৰি, জন্তুৱে পোৱালি জগাই মেলি দিয়ে। খৰালি হলে