পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাঘ
বাট
১৯৩

fear.

বাঘ তেলে খোৱা—ক্ৰি, (তেল = চৰ্ব্বি। ) বাঘৰ চৰ্ব্বি বৰ চোকা। গাত চোকা চৰ্ব্বিয়ে ধৰিলে মানুহৰ ফুৰ্ত্তি বেচি হয়। এতেকে,—বেচিকৈ ফুৰ্ত্তি হোৱা, to be overjoyed.

বাঘে পোৱালি পোৱা হাবি–বিং, বাঘে ডাঙ্গৰ হাবিত চিৰস্থায়ীৰূপে বসতি কৰে, আৰু তেনে হাবিত হে পোৱালি জগায়। এতেকে,—ডাঙ্গৰ হাবি, big jungle

বাঘে খোৱা—বিং, যি গৰুৰ আয়ুস টুটে, তাক বাঘে ধৰি খায়। এতেকে,—অল্পায়ুস, ( গালিৰ মাত), short-lived, (a term of reproach).

বাঘে ঘোঙ্গে যুঁজ লগা—ক্ৰি বাঘ ঘোঙ্গতকৈ অলপ বেচি বলী, কিন্তু ঘোঙ্গ বাঘতকৈ বেচি খঙ্গাল। বাঘ আৰু ঘোঙ্গৰ ভিতৰত ঘোৰতৰ যুঁজ হয়। এতেকে,—ঘোৰতৰ যুঁজ লগা, to engage in a fierce conflict.

বাছি পেলোৱা—ক্ৰি, [ হাড় বাছি পেলোৱা ] খাদ্য জন্তুৰ হাড় বাছি পেলাই দি মঙ্গহ খোৱা হয়। এতেকে,— কোনো মানুহৰ হাড় বছি তাৰ মঙ্গহ খোৱা। অৰ্থাৎ কোনো মানুহক উগ্ৰ শাস্তি দিয়া, to inflict condign punishment.

বাছোঁতে বাছোঁতে গেলা বৰালিত হাত পৰা—ক্ৰি, বৰালি মাছ কোমল। সি গেলিলে সমুলি নষ্ট হয়। এতেকে,— অতি ভাল বস্তু পাবলৈ অতিৰিক্ত চেষ্টা কৰোঁতে অতি বেয়া বস্তু পোৱা, to select the worst thing by exercising too great caution to have the very best.

বাজ ভিতৰ কৰা মানুহ—বিং, বাজে ভিতৰে ফুৰা মানুহ, বিশ্বাসী মানুহ, one who has access into the inner chamber of a household, a confidant.

বাজলৈ উলিওৱা—ক্ৰি, মানুহৰ ধাতু ঘৰৰ ভিতৰত যাব নাপায়, এই বিশ্বাসৰ ওপৰত মৰিবৰ বেলিকা মানুহ বাজলৈ উলিওৱা হয়। এতেকে,—ক্ষন্তেকৰ পাচতে মৃত্যু হব বুলি থিৰাং কৰা, to expect death immediatly after.

বাট এৰি অবাটে যোৱা—ক্ৰি, সৰ্ব সাধাৰণ মানুহে বাটে দি যায়। অবাটে

২৫