পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাঘ-ককা
বাঘৰ
১৯২

লৰি ফুৰা মানুহ, ( নিন্দা-ভাব ) one having no settled habitation, a wanderer (depreciative sense).

বাঘ-ককা বৰা ককাৰ হৰা জিকা চোৱা—-ক্ৰি, বাঘ আৰু বৰাৰ ভয়ঙ্কৰ যুদ্ধ হয়। মানুহে নিলগৰপৰা চাই থাকি এবেলি কয় “বাঘ-ককা জিকিল, বৰা-ককা হাৰিল” আৰু এবেলি কয় “বৰা-ককা জিকিল বাঘ-ককা হাৰিল”। এতেকে,—পৰাক্ৰমী মানুহৰ যুঁজত নিজে ঠুকিব নোৱাৰি আঁতৰৰপৰা ৰং চোৱা, to watch with interest the course of a fatal struggle between powerful parties from a safe distance.

বাঘ ঢকা—-বিং, বাঘে গৰু মহক পিঠিত হাতেৰে ঢকা মাৰি পেলাই বধে। এতেকে,—ডাঙ্গৰ ঢকা, a severe slap on the back.

বাঘ-বৰাৰ যুজ—বিং , বাঘ আৰু বৰাই ভয়ানক ৰূপে যুঁজ লাগে। এতেকে,—ভয়ানক যুঁজ, a terrible fight.

বাঘৰ আগ তেল খোৱা-—বিণ, (তেল = চৰ্ব্বি। আগ তেল-আগ ফালে থকা অৰ্থাৎ বুকুৰ ওচৰত থকা চৰ্ব্বি। ) এই চৰ্ব্বি বৰ চোকা। বাঘৰ চৰ্ব্বি খালে মানুহ উন্মত্তপ্ৰায় হয়। এতেকে,—মদমত্ত, অঘাইটং, extremely cunning.

বাঘৰ আগত ছাগে ডেৱাডেৱি কৰা—ক্ৰি, ছাগলীয়ে যুঁজ লগাৰ আগতে ডেৱা-ডেৱি কৰে। এই স্থলত কোৱা হৈছে, যে ছাগলীয়ে বাঘৰ আগত ডেৱাডেৱি কৰে অৰ্থাৎ বাঘেৰে যুঁজ বিচাৰে। এতেকে,—অতি পৰাক্ৰমী মানুহেৰে সৈতে অতি দুৰ্বল মানুহে যুঁজিবলৈ উদ্যত হোৱা, the challenging of a powerful man to a fight by one who is too weak.

বাঘৰ চকুৰে চোৱা—-ক্ৰি, বাঘ বৰ খঙ্গাল, তাৰ চকুত খঙ্গৰ ভাব জ্বলি থাকে। এতেকে,—খঙ্গালভাৱে চোৱা, অৰ্থাৎ উগ্ৰভাৱে শাসন কৰা, to control sternly.

বাঘৰ পোৱালি বাঘ—-বিং, বাঘ বলী জন্তু। তাৰ পোৱালিও সেই দৰে বলী হয়। এতেকে,—প্ৰতাপী মানুহৰ, প্ৰতাপী পুতেক, a worthy son of a worthy father.

বাঘৰ সমান ভয়—বিং, বাঘলৈ যিমান ভয় সিমান ভয়, ডাঙ্গৰ ভয়, terrible