পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বাইলৈ
বাগৰা
১৯১

লগে লগে দাঁতবিলকো কুটিলে। দাঁতবিলাক এনে সমানভাবে কুটিলে যে ওখোৰা-মোখোৰা গুচি অতি ধুনীয়া হৈ পৰিল। পাচদিনা সৰু ঘৈণীয়ে দেখা পাই কাৰণ সোধাত বৰ ঘৈণীয়ে আমূল বৃত্তান্ত কলে। সৰু ঘৈণীয়ে এদিন সেই দৰে সান্দহ মুখত লৈ ঢাৰীপাটীত পৰি নিগনি আহিবলৈ বাট চাই থাকিল। নিগনি সোমাই দাত চিকুণাই কুটিবলৈ আৰম্ভ কৰিছে, এনেতে তেওঁ মাত লগালে:—“বাইতকৈ চৰোৱা" (অৰ্থাৎ বাইৰ দাঁত যেনে সুন্দৰ হল মোৰ দাঁত যেন তাতকৈ অধিক সুন্দৰ হওঁক। ) কথা কোৱা মাত্ৰে নিগনিয়ে ভয় পাই লৰ মাৰিলে। ফলত এয়ে হল যে তেওঁৰ দাঁত আগৈয়েযেনে আছিল এতিয়া তাতকৈও বহু গুণে বেয়া হল। এতেকে,—পৰৰ ভাল দেখি খিয়ালত তেনে কোনো কাৰ্য্য কৰিবলৈ চেষ্টা কৰিলে নিজৰ অৱস্থাৰ উন্নতি কৰিব নোৱাৰি পূৰ্ব্বৰ অৱস্থাৰো অৱনতি কৰা, to make a thing worse than it was in all endeavour to make it better than a like thing of another person under the promptings of jealousy.

বাইলৈ যেই হাত হোৱা, আইলেও সেই হাত হোৱা - ক্ৰি, যেই হাতেৰে বাইক কিলোৱা হয় সেই হাতেৰে আইকো কিলাব পৰা যায় অৰ্থাৎ যি মানুহে বায়েকক কিলাবলৈ সাহ কৰে, সি অৱশ্যে মাকক কিলাবলৈও সঙ্কোচ নকৰে। এতেকে,—এজন মানী মানুহৰ প্ৰতি অন্যায় আচৰণ কৰিলে অন্যান্য মানী মানুহৰ প্ৰতিও তেনেৰূপ অন্যায় আচৰণ কৰিবলৈ সঙ্কোচ নকৰা, to behave shabbily towards a respectable person and hence not to hesitate to behave in a similar way towards any other person of like status and rank.

বাও-কণী পৰা—ক্ৰি, বাও-কণী উমালে পোৱালি নজগে। হাঁহ-কুকুৰাই তেনে কণী পাৰিলে তাৰপৰা কোনো ফল নহয়। এতেকে,— কোনো নিষ্ফল বা অসাৰ্থক কাৰ্য্য কৰা, to act infructuously.

বাখৰ পতোৱা—বিণ, বাখৰ পতালে অলঙ্কাৰ শুৱনী হয়। এতেকে,—শুৱনী, eligant, fanciful.

বাগৰা জীৱ—-বিং, বাগৰি ফুৰা মানুহ অৰ্থাৎ একে ঠাইতে নিজাপিভাৱে নাথাকি