পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/২০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বহৰ
বাইতকৈ
১৯০

বহৰ বুন্দুৰী —বিং, (বহ =বয়স ) বাঢ়িব নোৱাৰা হ’লে মুখখন বোন্দাৰ নিচিনা থোপোৰা হয়। এতেকে—অধিক বয়স হোৱা কঁটিয়া তিৰোতা, a dwarfish woman of long years.

বহি বুঢ়া-বি. [বহি থাকি বুঢ়া] বহি থাকোঁতে থাকোঁতে বুঢ়াৰ নিচিনা হোৱা মানুহ, বহি থকা এলেহুৱা মানুহ, a stay-at-homo idler.

বহি ৰজা—বিং, [বহি হুকুম দিয়া ৰজা] যি নিজে কাম-বন নকৰাকৈ মুখৰ হুকুম-হাকামৰ দ্বাৰা সংসাৰ যাত্ৰা নিৰ্ব্বাহ কৰে তেনে মানুহ অৰ্থাৎ বৰলোক, One who rises above the necessity to do manual labour, a great man.

বহিব জানিলে মাটিয়েই পিৰা হোৱা— ক্ৰি, আৰামৰ নিমিত্তে আৰু কাপোৰত মলি নালাগিবৰ নিমিত্তে পিৰাত বহা হয়। এই স্থলত কোৱা হৈছে, যে বহিব জানিলে মাটিয়েই পিৰা হয়, অৰ্থাৎ মাটিত বহিও পিৰাত বহাৰ সমান আৰাম লভিব পৰা যায় আৰু কাপোৰ নিকাকৈ ৰাখিব পৰা যায়। এতেকে,—নিয়ম-প্ৰণালী জানিলে বেয়া কাৰ্য্যকো ভাল কাৰ্য্য-স্বরূপ কৰিব পৰা, to be able to make a bad thing as useful as a good thing provided one knows how to do it.

বহুৱা তোলা— ক্ৰিয়া, [বহুৱা কৰি তোলা] বহুৱাই উঠি অঙ্গীভঙ্গী কৰে আৰু যিহকে মন যায় মুখেৰে তাকে গায়। কোনো মানুহক বৰকৈ জোকালে তাৰ তত্ মত্ হেৰায়। সি তেতিয়া উঠি বহুৱাৰ দৰে নাচোন-বাগোন কৰি বলকিবলৈ ধৰে। এতেকে,—চুৰ্ত্তি-বুদ্ধি নোহোৱা কৰা, তত্ মত্ হেৰুওৱা, to vex, tease or annoy a person greatly.

বাইলুঙ্গণীৰ মঙ্গল— বিং, বাইলুঙ্গণীয়ে মঙ্গল চায়। মঙ্গল অৱশ্যে কেতিয়াবা ফলিয়ায়, কেতিয়াবা নফলিয়ায়। এতেকে-কণামুনাকৈ হোৱা কাৰ্য, a fortuitous event.

বাইতকৈ চৰোৱা— ক্ৰি, ( উপৰুৱা ) এজন মানুহৰ বৰ ঘৈণী আৰু সৰু ঘৈণী আছিল। বৰ ঘৈণীয়ে এদিন ৰাতি শোওঁতে সান্দহ খাইছিল, তেনে অৱস্থাতে টোপনি আহিল। পাচে সান্দহৰ গোন্ধ পাই এটা নিগনি আহি মুখত সোমাই মুখৰ ভিতৰৰ সান্দহখিনি খাই পেলালে, আৰু