পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰালৈ
বলে
১৮৯

rary business.

বৰালৈ কচু থোৱা--ক্ৰি, কচু বৰা অৰ্থাৎ গাহৰিৰ আহাৰ। গাহৰি অতি লেতেৰা আৰু নিকৃষ্ট জন্তু। ঈশ্বৰে তাৰ নিমিত্তে আহাৰৰ ব্যৱস্থা কৰি থৈছে বোলা হৈছে। এতেকে,—নিঃকিন,অধম আৰু নিৰাশ্ৰিত মানুহৰ নিমিত্তেও ঈশ্বৰে যথাযোগ্য জীৱিকাৰ ব্যৱস্থা কৰি থোৱা, the ordaining by God of appropriate means of living for a person however humble he may be.

বৰুৱা খাৱনেৰে খোৱা—-ক্ৰি, বরুৱা ডাঙ্গৰ বিষয়া আছিল আৰু তেওঁ বিলাকৰ খাৱনো সেই অনুযায়ী ডাঙ্গৰ আছিল। এতেকে,—ডাঙ্গৰ খাৱনেৰে খোৱা, to eat sumptuously.

বলি-বাসৱৰ যুদ্ধ—-বিং, পূৰ্ব্ব-কালত বলি আৰু বাসৱ অৰ্থাৎ ইন্দ্ৰৰ ভিতৰত ঘোৰতৰ যুদ্ধ হৈছিল। এতেকে,—ঘোৰতৰ যুদ্ধ, sanguinary buatle, a deadly struggle.

বলিয়া কুকুৰে কামোৰা—ক্ৰি, বলিয়া কুকুৰে কামুৰিলে জাঁই উঠে। এতেকে,—চিন্তাৰ আবেগত উন্মত্তপ্ৰায় হোৱা, to be overtaken with anxious thoughts.

বলীৰ হাতত পৃথিবী থকা—ক্ৰি, যি জন ৰজা বলী, পৃথিবী তেওঁৰে শাসনাধীন থাকে। এতেকে,—যাৰ বল আছে সিয়েই কোনো বিষয়ত প্ৰভুত্ব চলাব পৰা, (বল =শৰীৰ, ধন, বিদ্যা, বা অন্য কোনো বল। ) the exercising of authority by one who is powerful.

বলীয়ে নিৰ্ব্বলীয়ে হতাহতি—বিং, ( হতাহতি =হাতেৰে কৰা যুঁজ। ) ডাঙ্গৰ মানুহ আৰু সৰু মানুহৰ ভিতৰত লগা যুঁজ, অসমান যুঁজ, a quarrel between the strong and the weak, an unequal fight.

বলে নোৱৰা শিলক পৰি নমস্কাৰ কৰা—ক্ৰি, বলে পৰা শিলক আনি কোনো কাৰ্য্যত লগোৱা হয়। কিন্তু যাক বলেৰে দাঙ্গিব নোৱাৰে, তাত মাহাত্ম্য আছে বুলি সেৱা-সতকাৰ কৰা হয় অৰ্থাৎ তাক দেৱতা বুলি গণ্য কৰা হয়। এতেকে,— যাক বলেৰে জিনিব পৰা নাযায় তেওঁৰ গাত দৈব-শক্তি আৰোপ কৰা। (এনে কৰি নিজৰ দুৰ্ব্বলতা লুকুৱায়, আৰু পৰৰ বলৰ প্ৰশংসা নকৰি তাক দৈব বল বোলা হয়। ) to attribute supernatural power to a person who cannot be resisted with any chance of success .