পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰলাৰ
বৰাৰ
১৮৮

কৰে। এতেকে,—খং উঠিলে অপকাৰ কৰিবৰ নিমিত্তে যাৰ শক্তি আছে তেনে মানুহক অপকাৰ কৰা, to irritate a person who is very powerful and capable of doing serious harm if so disposed.

বৰলাৰ ঘৰত শুকান ধান বিচৰা—- ক্ৰি, যাৰ তিৰোতা নাই, তাৰ ঘৰত ধান সিজাই শুকোৱাবলৈ মানুহৰ অভাৱৰ নিমিত্তে, সেই মানুহে উখুৱা চাউলৰ সলনি আৰৈ চাউল ব্যৱহাৰ কৰে। এতেকে,—যি বস্তু যি ঠাইত পোৱা অসম্ভৱ সেই বস্তু সেই ঠাইত বিচৰা, to look for a thing in a place where it all never be expected to exist.

বৰশী বোৱা টোপনি—বিং, বৰশী বহি বা থিয় হৈ বায়। চিপ পানীত পেলাই মাছে খুঁটিলে তাক দাঙ্গি অনা হয়। কোন মানুহে বহি বা থিয় হৈ টোপনিয়ায়। তেনে অৱস্থাত সি হালি জালি যায় আৰু দেখিবলৈ বৰশী বোৱা মানুহটোৰ নিচিনা হয়। এতেকে,—হালি-জালি যোৱা টোপনি, drowsiness, light sleep.

বৰশীৰ মাছ—-বিং, টোপৰ লোভত মাছ আহি বৰশীত লাগি ধৰে। এতেকে,—লোভত বিপদগ্ৰস্ত মানুহ, one who catches a bait and falls into trouble.

বৰষুণ গলে জাপি লোৱা—-ক্ৰি, জাপি বৰষুণত হে লোৱা হয়। বৰষুণ শেষ হৈ গলে জাপিৰ আৱশ্যকতা নাথাকে। এতেকে,—বিপদ পাৰ হলে ৰক্ষাৰ উপায় অৱলম্বন কৰা, to take measures to protect oneself from a danger after the danger is past.

বৰা ভাত, মাহৰ শাক—-বিণ, আগৰ দিনত বৰা চাউলৰ ভাত আৰু মাটি-মাহৰ আঞ্জা উপাদেয় ভোজন আছিল। এতেকে,—উপাদেয় ভোজন, dainty dishes.

বৰাৰ ঘৰত তৰাৰ গাঁথি দিয়া—ক্ৰি, আহোম ৰজাৰ দিনত কুড়িটা পাইকৰ ওপৰত বৰা বিষয়া আছিল। তেওঁ ঠাইয়ে ঠাইয়ে গৈ পাইক বিলাকৰ হতুৱাই কাম-বন কৰোৱায়। এঠাইৰ কাম শেষ হলে আন এঠাইলৈ উঠি যায়। সাধাৰণ পঁজা সাজি থাকে। দুই চাৰি দিনীয় পঁজা বাবে তাত বেতৰ সলনি তৰাৰ জৰীৰে গাঁথি দিয়া হয়। এতেকে,—অস্থায়ী কাৰ্য্যত অস্থায়ীভাৱে চলা, to act in a temporary way in a tempo-