পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৯৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৰ
বৰলৰ
১৮৭


এতেকে,—বৰলাকালি কৰা, to act like a person of rank of wealth.

বৰ নৈ—বিং, আসামৰ ভিতৰত অটাইতকৈ বৰ ৰৈ। এতেকে-ব্ৰহ্মপুত্ৰ নৈ, to Brahmaputra River.

বৰবিহ খোৱা— ক্ৰি, বৰবিহ খালে মানুহ তৎক্ষণাৎ মৰে। এতেকে,—সৰ্ব্বনশীয়া কাৰ্য্য কৰা, ঘোৰ স্বাৰ্থ-বিৰোধী কাৰ্য্য কৰা, নিজৰ বিষম অহিত আচৰণ কৰা, to act highly prejudicially to one's own interest.

বৰ মতা —বিং, ডাঙ্গৰ মতা মানুহ সাহিয়াল হয়। এতেকে,—সাহিয়াল পুৰুষ, a spirited man, a gallant.

বৰ সবাহলৈ মনটো—বিং, বৰ সবাহলৈ বহু আয়োজন লাগে, তাক যেয়ে সেয়ে শীঘ্ৰে কৰিব নোৱাৰে। এতেকে,--ডাঙ্গৰ আয়োজনলৈ মনটো, অৰ্থাৎ ওখ আকাঙ্খা, high ambition.

বৰৰ দোষ পিছলাই নিয়া—ক্ৰি, বৰলোকৰ দোষ পিছলাই সমাজৰ বিচাৰ পাৰ কৰি লৈ যোৱা অৰ্থাৎ বৰলোকৰ দোষ সমাজে বিচাৰ নকৰা, to to gloss over a great man's fault.

বৰকলা হাবি—বিং, আহোম ৰজাৰ দিনত বৰকলা হাবিৰপৰা খৰিকটীয়াই ৰজাঘৰলৈ খৰি যোগাইছিলি। এতেকে,--ডাঙ্গৰ কাঠনী হাবি, a big forest.

বৰদৈ চিলা—বিং. আসামত চত আৰু বহাগত ধুমুহা হয়। তাৰে কিছুমান সৰু, দুটা ডাঙ্গৰ। বহাগৰ বিহুৰ ৭ দিন মান আগতে এটা আৰু ৭ দিন মান পাচতে এটা ডাঙ্গৰ ধুমুহা হয়। এই দুটা ধুমুহাৰ নাম বৰদৈ চিলা। চিলটোৰ দৰে সোসোৱাই আহে দেখি চিলা নাম পাইছে। মাইকী মানুহে বছৰি মাকৰ ঘৰলৈ যেনেকৈ বিহুৰ সময়ত আহে আৰু যায়, ইও সেই দৰে সেই সময়তে আহে আৰু যায় দেখি, ইয়াক মাইকীৰ ৰূপ দিয়া হৈছে। মাইকীৰ নামৰ শেষত ‘দৈ’ থাকে। এই ধুমুহা ভাঙ্গৰ বাবে ’বৰদৈ’ বোলা হৈছে। এতেকে,—বহাগৰ বিহুৰ আগৰ আৰু পাচৰ ডাঙ্গৰ ধুমুহা, the gale which visits Assam every year about the Bahag Bihu

বৰলৰ বাহত জুই দিয়া—ক্ৰি, কোনো মানুহে যদি বৰলৰ বাহত জুই দিয়ে, তেনেহলে বৰলবিলাকে তাক খঙ্গত উধাই-মুধাই কাণে-নাকে কামুৰি বিতত