পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পুতলা
পূৰ্ব্ব-শত্ৰু
১৭৪

শৰীৰৰ তেজ শোষণ কৰি পুতনাৰ প্ৰাণ-হৰণ কৰে। মৰিবৰ সময়ত পুতনাই ভায়ঙ্কৰ ৰাক্ষসীৰ মূৰ্ত্তি ধৰি প্ৰাণ এৰিলে। এতেকে,—বাহিৰে মোহিণী ভিতৰে ৰাক্ষসী এনে তিৰোতা , দুৰন্ত স্বভাৱৰ সুন্দৰী তিৰোতা, a good looking woman with fiendish character.

পুতলা নচুওৱা-—ক্ৰি, মানুহে পুতলাক যেনেকৈ নচুৱায়, পুতলাই সেইরূপে নাচে। পুতলাই নিজে নাচিব পৰা শক্তি নাই। এতেকে— কোনো মানুহক পুতলাৰ দৰে নচুওৱা অৰ্থাৎ সম্পূৰ্ণ নিজৰ আয়ত্বলৈ আনি নিজৰ মতেৰে তাৰ হতুৱাই কাৰ্য্য কৰোৱা, to cause one to dance at bidding, to get a thing done slavishily according to the wishes of the doer.

পুলি-পোখা উঘলা—ক্ৰি, কোনো গছ-পুলি আৰু পোখাৰে সৈতে উঘালিলে তাৰ সঁচ নষ্ট হৈ যায়। এতেকে,— সবংশে নষ্ট কৰা, to ruin a person with his whole family.

পুৱা হলে নাও মেলি যোৱা—-ক্ৰি, নাৱৰীয়া মানুহে ৰাতিটো কোনো ঠাইত থাকি পুৱা হলেই নাও মেলি যায় গৈ। সেয়ে হলে কোনোৱে তাক লগ নাপায়, আৰু সি কেনি গল, তাকো কোনেও কব নোৱাৰে। এতেকে,—কোনো ঠাইত অস্থায়ীভাৱে থাকি সেই ঠাইতে সৰ্ব্ব প্ৰকাৰৰ সমন্ধ ছিঙ্গি নিৰুদ্দেশ হোৱা, to reside temporarily in a place and then to leave it for good without the least chance of being traced out subsequently.

পূবৰ বেলি পছিমে ওলোৱা—ক্ৰি, পূব পিনে উদিত হবলগীয়া সূৰ্য্য পছিম পিনে উদিত হোৱা, অৰ্থাৎ অসম্ভৱ ঘটনা সম্ভৱ হোৱা, the happening of the impossible.

পূৰ্ণহতীয়া মাৰ—-বিং হাতেৰে পূৰ্ণভাৱে টোকোন দাঙ্গি মৰা মাৰ, ডাঙ্গৰ প্ৰহাৰ, a severe blow,

পুণিমাৰ জোন—বিং , পূৰ্ণিমাৰ জোন অতি শুৱণী। এতেকে—অতি শুৱনী মানুহ, a perfectly beautiful person.

পূৰ্ব্ব-শত্ৰু মনে জানি—ক্ৰি-বিণ, পূৰ্ব্ব-কালত মহাদেৱে কামদেৱক ভস্ম কৰিছিল। পৰবৰ্ত্তী কালত মহাদেৱে মোহিনীক দেখি যেতিয়া উন্মত্ত হৈছিল, সেই