পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পৃথিবী
পেট
১৭৫

সময়তে চল চাই কামদেৱে মহাদেৱলৈ কাম বাণ মাৰি "পূৰ্ব-শত্ৰু মনে জানি” শত্ৰুতাচৰণ কৰিছিল। এই বাক্য শঙ্কৰ দেৱৰ 'কীৰ্ত্তন’ পুথিত পোৱা যায়। এতেকে,—প্ৰতিশোধ লবৰ নিমিত্তে, revenge- fully.

পৃথিবী সাত ফাল কৰা—ক্ৰি পৃথিবী লৰিলে ফাটে। বৰকৈ ধুম-ধুপাল কৰি ফুৰিলে ভৰিৰ খোজত মাটি লৰি যায়। এই স্থলত, পৃথিবী ফাটি সাত ডোখৰ হৈছে বোলা হৈছে। এতেকে,—অতিপাত ধুম-ধুপাল কৰা to lead a boisterous life.

পেট কামোৰা মানুহ মাটিতো বাগৰা, পাটীতো বাগৰা—ক্ৰি, বৰকৈ পেট কামুৰিলে মানুহ বিতত হয়। সি কেতিয়াবা ঢাৰীপাটীত গড়ম কাপোৰৰ ওপৰত পেট পেলাই থাকে, আৰু কেতিয়াবা চেঁচা মাটিত পেট পেলাই থাকে। এতেকে,—বিপদগ্ৰস্ত মানুহে অধৈৰ্য্য হৈ অলা- গতিয়াল কাৰ্য্য কৰি ফুৰা, to be confounded under stress of a great danger.

পেট-কুলি—বিং, কুলি-পোৱালি দেখিবলৈ কাউৰী-পোৱালিৰ নিচিনা। কুলি- পোৱালিয়ে বাহিৰত অজলা ভাব দেখুৱাই কাউৰীৰ বাহত ডাঙ্গৰ- দীঘল হয়। কেতিয়া উড়নীয়া হব পাৰে, সেই কথা মাথোন সি সদাই পেটে পেটে ভাবি থাকে। উড়নীয়া হোৱা মাত্ৰেই এদিন উড়ি পলাই যায়। তেতিয়া হে কাউৰীয়ে বুজিব পাৰে, যে তাই কুলিৰ পোৱালি হে ইমান দিন নিজৰ পোৱালি বুলি পুহি আছিল। এতেকে,—বাহিৰে অজলা কিন্তু ভিতৰে টেঙ্গৰ মানুহ, a person who is outwardly simple but inwardly cunning.

পেট গেৰেও-গেঠেও লগা—ক্ৰি, ( পেট গেৰেলা-গেঠেলা লগা ] অতিৰিক্ত ভোজন হলে পেটটো গেৰেলা আৰু গেঠেলা হয়। এতেকে,— অতিৰিক্ত ভোজনত পেটৰ অসুখ হোৱা, to feel uncomfor- table by over-eating.

পেট পূজা কৰা—দেৱতাক দিনে দিনে খাদ্য বস্তু দি পূজা কৰিব লাগে। পেটকো দিনে দিনে খাদ্য বস্তু দিব লাগে। এই সাদৃশ্যৰ নিমিত্তে পেটতো এজনা দেবতা আছে বুলি কল্পনা কৰি লোৱা হৈছে। এতেকে,— ভোজন কৰা , to eat food