পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পানী
পাপৰ
১৭০


ফুটা নাইকিয়া অৰ্থাৎ নিসন্ধীয়া, অটুট, in pervious, tight, close-fisted.

পানী পানী কৰি শিকোৱা—ক্ৰি, কোনো কথা টান হলে বুজিব নোৱাৰি, কিন্তু সেই কথা ভাঙ্গি ঢিলা কৰি শিকালে বুজিব পৰা যায়। এই স্থলত ইমান ঢিলা কৰি দিয়া হৈছে বোলা হৈছে, যে সি পানীৰ নিচিনা হৈছে। এতেকে,—ভালকৈ শিকোৱা। তাৰপৰা— বহু প্ৰকাৰৰ অত্যাচাৰ কৰা, নানা বিধৰ আহুকাল কৰা, to teach soundly , hence, to oppress in manifold ways, to harass in diverse ways.

পানী-পেটা লৰা—-বিং, পানীৰে পেট-ভৰা লৰা, পনীয়া অৰ্থাৎ জুলীয়া আহাৰৰ দ্বাৰা জীয়াই থকা লৰা, নিচেই কেঁচুৱা লৰা, a little babe.

পানী বঢ়া দি বঢ়া—ক্ৰি, বাঢ়নী পানী লাহে লাহে নাবাঢ়ি তৎক্ষণাৎ বাঢ়ি আছে। মানুহৰ ধন সম্পত্তি বাঢ়নী পানীৰে তুলনা কৰা হৈছে। এতেকে,— অতি শীঘ্ৰে উন্নতি লাভ কৰা, to attain material prosperity in no time,

পানীত হাঁহ নচৰা—ক্ৰি, ডাঙ্গৰ বিপদ হলে মানুহ নালাগে পশু-পক্ষীও দেখি তবধ লাগে। এই স্থলত কোৱা হৈছে যে, পানীত চৰি ফুৰা হাঁহেও চৰিবলৈ এৰি ৰ লাগি থাকে। এনেকুৱা দুখত জ্ঞানহীন পক্ষীৰ হৃদয়তো আঘাত লাগি সি আহাৰ বিচাৰিবলৈ এৰি দিয়ে। এতেকে,—অতিকৈ ডাঙ্গৰ বিপদ হোৱা, the happening of the greatest calamity.

পানীয়ে মৰা বাও—বিং, বাও ধান দ মাটিত ৰোৱা হয়। নৈ বাঢ়িলে বাণ পানীয়ে ধান মাৰি নিয়ে। এতেকে,—সহজে যাক নষ্ট কৰিব পৰা যায় তেনে মানুহ; অলপ-ধতুৱা মানুহ, a weak and imbecile person.

পানীৰ ঔ-টেঙ্গা—বিং, পানীৰ ঢৌ উঠি ঔ-টেঙ্গাৰ নিচিনা আকাৰ হয়। এতেকে,—অপ্ৰকৃত কথা বা কাৰ্য্য, anything unsubstantial.

পানীৰ মিঠৈ—বিং, মিঠৈ পিঠাত পানী মিহলাই সজা হয়। পিঠা নহলে অকল পানীৰে মিঠৈ সাজিব পৰা নাযায়। এতেকে,—সাৰ-বস্তুহীন কথা বা কাৰ্য্য, anything unsubstantial.

পাপৰ পৰাচিত—-বিং, পাপ কাৰ্য্য কৰিলে হিন্দুৱে পৰাচিত হব লাগে। পৰাচিত