পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পাং পতা
পানী
১৬৯


পাং পতা—ক্ৰি, [ পেং পতা) মানুহৰ ভৰিৰ তলুৱাত ফুটিবৰ নিমিত্তে মাটি নেদেখাকৈ পেং পাতি থোৱা হয়। এতেকে,—-ষড়যন্ত্ৰ , to lay a plot, to machinate.

পাটী-মৰণেৰে মৰা—ক্ৰি, (পাটী= ঢাৰীপাটী। ঢাৰীপাটীত হোৱা মৰণেৰে মৰা অৰ্থাৎ নিজৰ ঘৰত ঢাৰীপাটীৰ ওপৰত শুই মৰা, স্বভাৱিক মৃত্যু পোৱা, to die a natural death.

পাটীৰ তিৰোতা—বিং, একেলগে ঢাৰীপাটীত শোৱা তিৰোতা, বিবাহিত ঘৈণীয়েক, a bed-companion, a married wife.

পাত-কটা দাঁড়—বিং, দীঘল দাঁড়ৰ আগত কটাৰি লগাই কল-গছৰ পাত কটা হয়। এতেকে,—গা-গাৰি নাইকিয়া দীঘল-ডাঙ্গৰ মানুহ, লেং- পেঙ্গীয়া মানুহ, a tall but lean person, a disproportion- ately tall person

পাত পাৰি ভাত নোপোৱা --বিণ, ভাত খাবলৈ পাত পাৰি বহি থাকে, কিন্তু ভাত নাপায়। এতেকে,--নিমাখিত, দুৰ্ভগীয়া, indigent, unfor tunate.

পাতক পত্ৰ ভাতক ভত্ৰ বোলা—ক্ৰি, সামান্য সংস্কৃত বিদ্যা শিকি কোনো মানুহে শিক্ষিতাভিমানী হৈ ফুৰিছিল। ভাত শব্দ চহা বিবেচনা কৰি ভাত নুবুলি তেওঁ ‘ভত্ৰ’ বুলিছিল। ’পাত’ৰ সংস্কৃত ’পত্ৰ’, এই সুত্ৰ ধৰি ভাতৰ সংস্কৃত ’ভত্ৰ’ শব্দ উলিয়াইছিল। দৰাচলে, ভাতৰ সংস্কৃত ‘ভাক্ত’। এতেকে,—অল্প-শিক্ষিত মানুহে শিক্ষাৰ গৌৰৱ কৰি ফুৰা, to make a vein display of a smattering of knowledge.

পানী কৰি বুজোৱা—-ক্ৰি, টান ভাঙ্গি পানীৰ নিচিনা তৰল কৰি বুজায় বোলা হৈছে। এতেকে,—-অতি ভালকৈ বুজোৱা, to explain perfectly well.

পানী-তলৰ কাঁইট—বিং, পানীৰ তলত কাঁইট থাকিলে মানুহে তাক দেখিবলৈ নাপায়। পানীত খোজ কাঢ়োঁতে কাঁইটত লাগি ভৰি ফুটে। কাঁইটক বিপদেৰে তুলনা কৰা হৈছে। এতেকে,—নেদেখা-নজনা বিপদ, an unsuspected danger.

পানী নসৰকা—বিণ, লোটা কলহৰ ফুটা থাকিলে পানী সৰকে। এতেকে,--

২২