পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
পাপীৰ
পাহৰা
১৭১

হওঁতে ধন ব্যয় হয়। এতেকে,—দুষ্কাৰ্য্যৰ ফল-স্বৰূপে উৎপন্ন অনিষ্ট, a penalty for wrongdoing.

পাপীৰ মন পিঠাত থকা—ক্ৰি, সবাহত প্ৰসাদৰ পিঠা থাপনাৰ গুৰিতে থোৱা হয়। ধৰ্ম্মিষ্ঠ মানুহে থাপনালৈ মন কৰি নাম গায়। পাপী মানুহে হাতেৰে চাপৰি বজায়, কিন্তু মনেৰে পিঠা খায় অৰ্থাৎ নাম যাতে সোনকালে ভাগি পিঠা বিলাই দিয়া হয়, সি সেই কথা মাথোন ভাবি থাকে। এতেকে,—সজলোকৰ সঙ্গতো দুষ্ট মানুহৰ বেয়া কথালৈ মন থকা, the turning of the mind of a wicked person towards evil in any circumstance.

পাবতে গজোৱা—-ক্ৰি, কেঁচা বাঁহ মাটিত পেলাই থলে তাৰপৰ গজালি ওলায়। কিন্তু গাঁথিৰপৰা হে গজালি ওলায়, পাবৰপৰা নোলায়। এতেকে,— মূল নোহোৱাকৈ কোনো কথাৰ উদ্ভৱ কৰা, to make a state- ment having no foundation in fact.

পাৰ-জুৰীয়া মানুহ—বিং, পাৰ-চৰাইৰ দম্পতী-প্ৰণয় আদৰ্শনীয়। সিহঁতে জোৰ ভাঙ্গি কেতিয়াও থাকিব নোৱাৰে। এতেকে,—আদৰ্শ-প্ৰণয়ী- প্ৰণয়িণীযুগল, a pair of true lovers.

পাৰ পালে ইপাৰ হোৱা, পৰ পালে সিপাৰ হোৱা——ক্ৰি, নাও বাই লৈ যাওঁতে নৈৰ ইটো পাৰ ওচৰ হলে ইটো পাৰে উঠা হয়, সিটো পাৰ ওচৰ হলে সিটো পাৰে উঠা হয় বোলা হৈছে। এতেকে,—সুবিধা বুজি মতৰ পৰিবৰ্ত্তন কৰা, to change sides according to expe diency.

পাল খোৱা—ক্ৰি, পালত সম্ভোগ কৰা, (জন্তুত খাটে। ) to have sexual intercourse (said of animals.)

পালি পালি কৰি শিকোৱা—ক্ৰি, এবাৰত যি কাৰ্য্য কৰা হয়, তাক পালি বোলে। এই শব্দৰ ’পৰ’ (প্ৰহৰ) শব্দৰপৰা ওলাইছে। এতেকে,—পৰে পৰে আমনি কৰা, বহু প্ৰকাৰে আহুকাল কৰা, to annoy too frequently, to harass in diverse ways.

পাৱে পৰি নমস্কাৰ— বিং, ভৰিত ধৰি নমস্কাৰ অৰ্থাৎ সম্পূৰ্ণ বশ্যতা-স্বীকাৰ unconditional submission.

পাহৰা গুটি খোৱা—ক্ৰি, খৃষ্টিয়ানবিলাকৰ মতে মানুহৰ আদি-পুৰুষ আদম