পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দূৰৈৰ
দেখা
১৪৩


দূৰৈৰ ৰৌ বৰালি—বিং, ৰৌ আৰু বৰালি ডাঙ্গৰ মাছ কিন্তু সি যদি দূৰত থাকে, তেনেহলে তালৈ মানুহে হেঁপাহ নকৰে। এতেকে,—দূৰৰ লাভ- জনক কাৰ্য্য, a profitable business carried on at a dis- tance from the home.

দেউতা ঈশ্বৰ—বিং, (দেউতা = দেৱতা। ঈশ্বৰ=ঐশ্বৰ্য্যশালী প্ৰভু ) অতি সম্ভ্ৰান্ত লোক, an honorable man.

দেউতা বিধতা বুলি ফুৰা—ক্ৰি, পৰক কাবৌ-কোকালি কৰি ফুৰা, to entreat person servilely with a view to obtain certain favours from him.

দেও উঠা,—ক্ৰি, [ দেও হৈ উঠা ] অপদেৱে লম্ভিলে মানুহে দেও-ধুপাল কৰে আৰু অস্বাভাবিক কথা বলকিবলৈ ধৰে। এতেকে,—অস্বাভাবিক কাৰ্য্য কৰা, to art in an unnatural way.

দেও চাই বলি—বিং, দেও উগ্ৰ হলে, তেওঁক সন্তুষ্ট কৰিবলৈ বলি ডাঙ্গৰ দিব লাগে। দেও সৰু হলে, বলি সৰু হব লাগে। এতেকে,—যথোচিত কাৰ্য্য, an appropriate action.

দেও দেও কৰা— ক্ৰি, কোনো আচৰিত কথা দেখিলে “দেৱ” “দেৱ” শব্দ উচ্চাৰণ কৰা হয়। এতেকে,—আচৰিত মনা, to be struck with wonder.

দেওধনি উঠা—-ক্ৰি, [ দেওধাইনী হৈ উঠা] দেওধাইনীবিলাকক দেৱে লম্ভে বুলি কয়। তেতিয়া সিহঁতে উন্মত্ত মানুহৰ নিচিনা হয় আৰু ভবিষ্যৎ বিষয়ক প্ৰশ্নৰ প্ৰকৃত উত্তৰ দিব পাৰে। এতেকে,—উন্মত্ত মানুহৰ দৰে আচৰণ কৰা, to act in mud excitement.

দেখা কথা—বিং, যি কথা সকলোৱে দেখিবলৈ পায় অৰ্থাৎ জনাজাত তেনে কথা। তাৰপৰা,--উচিত কথা, হক কথা, an apparent thing hence, a proper thing, a right thing

দেখা কথাত পাট-মঙ্গল চোৱা—ক্ৰি, ভবিষ্যৎ কথা জানিবৰ নিমিত্তে মানুহে পাট- মঙ্গল চায়, কিন্তু যিটো দেখা কথা অৰ্থাৎ যি কথা চকুৰ আগতে ওলাই থাকে, তাক জানিবৰ নিমিত্তে পাট-মঙ্গল চাবৰ আৱশ্যকতা নাই। এতেকে,—স্বতঃসিদ্ধ কথা জানিবলৈ ক্লেশ-সাধ্য উপায় অৱলম্বন কৰা, to make a laborious attempt to find out what is but-