পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দেখিলে
দেহে
১৪৪


a self-evident truth.

দেখিলে লেখা--ক্ৰি আহোম ৰজাৰ দিনত পাইকৰ হিচাব আছিল। যাতে পাইক লুকাব পৰা নাযায়, সেই নিমিত্তে নিজ চকুৰে নেদেখিলে কোনো পাইক লেখত ধৰা নহৈছিল। মানুহক আগত দেখিলে যেনেকৈ লেখত ধৰা যায়, কাৰ্য্যকো সেইৰূপে আগত দেখিলে অৰ্থাৎ তাৰ ফল দেখিলে লেখত ধৰা যায় এতেকে,—কাৰ্য্যৰ ফল দেখিলে সেই কাৰ্য্যৰ মূল্য নিৰ্দ্ধাৰিত কৰা, to set value to an action by the amount of tangible result which it produces.

দেৱত নলগা, ভকতত নলগা—বিণ, কোনো বস্তু দেৱক উছৰ্গি দিয়া হয় আৰু কোনো বস্তু ভকতলৈ আগ বঢ়োৱা হয়। যি বস্তু দেৱতো নালাগে আৰু ভকততো নালাগে, সেই বস্তু অসাৰ্থক। এতেকে,--অসাৰ্থক, নিষ্ফল, unavailing, useless.

দেৱতাই দিলেও বিধাতাই নিদিয়া— ক্ৰি স্বয়ং দেৱতাই কোনো বস্তু দান কৰিলেও, দেৱশ্ৰেষ্ঠ বিধতা অৰ্থাৎ , ব্ৰহ্ম বিমুখ হলে, তাক ভোগ কৰিবলৈ পোৱা নাযায় বোলা হৈছে। এতেকে, --ভাগ্য সুপ্ৰসন্ন নাথাকিলে কোনো বস্তু পাইও ভুঞ্জিবলৈ নোপোৱা, not to be able to enjoy a gift which is already received if the receiver happens to have a bad luck.

দেশ-ভগন—বিং, দেশত বিপদ হলে মানুহবিলাকে যেনিয়ে তেনিয়ে ভাগি-ভূঁহৰি যায়। এতেক,—ৰাষ্ট্ৰবিপ্লৱ, anarchy, political confusion.

দেশ ছাড়ি বিদেশলৈ যোৱা--ক্ৰি, (ছাড়ি = এৰি। ) অত্যন্ত ভয়ানক কষ্ট নহলে নিজৰ দেশ এৰি মানুহে বিদেশত বসতি কৰিবলৈ নাযায়। এতেকে,— স্বদেশত কষ্ট সহিব নোৱাৰি বিদেশত গৈ বসতি কৰা, to be unable to bear misfortune any longer to one's home and so leave it and settle in foreign land.

দেশৰ মানে—-ক্ৰি-বিণ, [ দেশৰ সমান ] গোটেই দেশখনতে যিমান আছে তাৰ সমানকৈ, বহু পৰিমাণে, অধিককৈ, to a great extent.

দেহতৰ আগ—বিণ, [ দেশত কৰি আগ] দেশখনৰ মানুহতকৈ আগ। আটাইতকৈ আগ , foremost of all

দেহে-কেহে—ক্ৰি-বিণ, [ দেহে গায়ে ] গা লাগি, whole heartedly