পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দুচলি
দূৰতে
১৪২

overload of misery.

দুচলি খৰি—বিং, ভকতীয়া মাত। পাপ আৰু পুণ্য, virtue and vice.

দুটি ভৰি ধৰা—ক্ৰি,, দুটি ভৰি ধৰি কাকূতি-মিনতি কৰা হয়। এতেকে,— কাকুতি-মিনতি কৰা , to beseech, to entreat, to pray earnestly.

দুপতীয়াতে জঁয় পৰা—ক্ৰি, , গছৰ পুলি দুপতীয়া অৱস্থাতে জঁয় পৰে বোলা হৈছে। এতেকে,—প্ৰথম অৱস্থাতে শ্ৰীহীন হোৱা, to be waning at the outset.

দুৰ্ব্বাদল দন্দ— বিং মুকলি ঠাইত দন্দ লাগে। তাত দুৰ্ব্বা অৰ্থাৎ দুবৰি বন থাকে। বৰকৈ দন্দ লাগিলে দুৰ্ব্বাৰ দলন হৈ যায় অৰ্থাৎ বন মৰি যায়। এতেকে,—ডাঙ্গৰ দন্দ, fierce struggle, violent quarrel, bitter enmity.

দুভছীয়া উত্তৰ—-বিং, [ দুভষীয়া উত্তৰ ] দুটা ভাষাৰে অৰ্থাৎ এটা অৰ্থযুক্ত ভাষাৰে কোৱা উত্তৰ, দ্ব্যৰ্থবোধক উত্তৰ, an ambiguous reply.

দুভাগ খোৱা—বিং, ওজাপালি গোৱাত যি ধন পোৱা যায়, সেই ধনৰ যিমান অংশ পালিয়ে পায়, ওজাই তাৰ দুগুণ পায়। এতেকে,--ওজা, a master, chief or leader.

দুয়োতকৈ দুয়ো চৰা—ক্ৰি, ইটোতকৈ সিটো চৰা আৰু সিটোতকৈ ইটো চৰা অৰ্থাৎ দুয়ো সমান চৰা, to stand out each above the other, i.e. equally in a high degree.

দুষ্টৰ একাল হোৱা, সন্তৰ সৰ্ব্বতিকাল হোৱা—ক্ৰি, দুষ্ট মানুহৰ একালত মঙ্গল হোৱা কিন্তু সম্ভৱ সৰ্ব্বতিকালত মঙ্গল হোৱা, the coming of good fortune to a wicked person only once but to just man as all time.

দূৰতে বিদূৰ হোৱা—ক্ৰি, বিদূৰ=বিশেষরূপে দূৰ, অন্য অৰ্থ, ধৃতৰাষ্ট্ৰৰ ভায়েক। শব্দৰ খেলা দেখুওৱা হৈছে। বিদূৰ অতি ধৰ্ম্মিষ্ঠ আছিল। তেওঁ অধৰ্ম্মৰ পৰা বহুত দূৰত থাকে। এতেকে,— নিলগতে আঁতৰ হোৱা, to keep oneself at a long distance from anything.