পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তপত
তলৰ
১২৭


ত।

তপত ভাতৰ ধোঁৱাই খোৱা—ক্ৰি, তপত ভাত বাঢ়িলে তাৰপৰা বৰকৈ ধোৱাঁ ওলায়। ভাত খাবলৈ বহা মানুহজনক তাৰ ধোঁৱাই খায় অৰ্থাৎ ধোৱাঁ চকুত সোমাই আমনি কৰে। অসন্তোষীয়া মানুহৰ সম্পৰ্কে এই বাক্য ব্যৱহৃত হয়। সকলো পোনে সুখ হোৱা স্বত্ত্বেও সেই মানুহে মনেৰে পাতি কোনো এটা অসন্তোষৰ কাৰণ উলিয়াই লয়, আন একো নহলে তপত ভাতৰ ধোৱাঁই আমনি কৰে বুলি আপত্তি কৰে। এতেকে,–মিছা কষ্ট কল্পনা কৰি ক্লেশ পোৱা, to be worried by imaginary ills, to be troubled by unreal grievances.

তপত পিঁড়--বিং, (পিড় =পিণ্ড। ) দশপিণ্ড দিওঁতে অস্থি ভাজিব লাগে। এতেক,—মৃতকৰ হন্তে দশপিণ্ড, the tenth day funeral ceremony prevalent among the Hindus.

তপতে তপতে—ক্ৰি-বিণ, লো আদি ধাতু তপত হৈ থাকোঁতেই তাক পিটি অস্ত্ৰ আদি বস্তু প্ৰস্তুত কৰিব পৰা যায়, চেঁচা হলে ধাতুৱে ভাজ নলয়। এতেকে,--অবিলম্বে, without delay.

তয়ময়া যুদ্ধ-—বিং [ ত্বয়া ময়া যুদ্ধ। ] (ত্বয়া = যুষ্মদ্, শব্দৰ তৃতীয়াৰ এক বচন, ময়া =অস্মদ্ শব্দৰ তৃতীয়াৰ এক বচন। ত্বয়া ময়া = তোমাৰ দ্বাৰা আৰু মোৰ দ্বাৰা। ) তুমি আৰু মই এই দুই জনে লাগি এজনৰ নিষ্পত্তি হোৱাৰ পিচত হে যুদ্ধশেষ কৰা হব বোলা হৈছে। এতেকে, --ঘোৰতৰ যুদ্ধ, a terrible battle.

তৰ-চেঙ্গেলি—বিং, চেঙ্গেলি মাছ স্বভাৱতে ছট্ ফটীয়া। তৰত অৰ্থাৎ বাম পানী আৰু ছটফটীয়া হয়। এতেকে,—বৰকৈ ছটফটীয়া মানুহ, a cunning or subtle person.

তৰ নৰা ছিঙ্গা—-ক্ৰি, [ লৰত তৰা নৰা ছিঙ্গা ] ইমানকৈ ভয় পাই লৰ মৰা হয় যে হাবিৰ তৰা আৰু পথাৰৰ নৰা উজুটিত ছিঙ্গি যায়। এতেকে,—অতি বেগেৰে লৰি পলোৱা, to floe precipitately.

তলৰ মাটি ওপৰ কৰা—ক্ৰি, তলৰ মাটি ধূলি কৰি ওপৰলৈ উড়ুওৱা অথাৎ মহা আড়ম্বৰ কৰা, to make an excessive display of pomp.