পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
তল-খুচৰীয়া
তামোল-পাণ
১২৮

তল-খুচৰীয়া মানুহ— বিং, এন্দুৰে মাটিৰ তলে তলে খুচৰি ডাঙ্গৰ গাঁত কৰে। মাটিৰ ওপৰ ভাগ আগৰ দৰে সমান হৈ থকে। এতেকে,—এজনৰ কথা ভিতৰি আন এজনক লগোৱা মানুহ. গম নিদিয়াকৈ পৰৰ অনিষ্ট কৰা মানুহ, a back-biter, a slanderer one who harms another without being suspected of doing it.

তল-খুচৰীয়া বুদ্ধি— বিং, এন্দুৰে ঘৰৰ তলে দি ম টি খুঁচৰি গাঁত খানে। ওপৰৰ- পৰা সেই গাঁত দেখিবলৈ পোৱা নাযায়। এই স্থলত, বুজিব নোৱাৰাকৈ গুপ্তভাৱে অহিত আচৰণ কৰা মানুহক এন্দুৰেৰে তুলনা কৰা হৈছে। এতেকে,—গুপ্ত অভিসন্ধি, secret design.

তল-হাত—বিণ, যুঁজত দুটা মানুহ পৰি গলে যি জনৰ হাত তলত পৰে সি বল কৰিব নোৱাৰে। যাৰ হাত ওপৰ হৈ থাকে, সি সেই হাতেৰে আক্ৰমণ কৰিবলৈ সুবিধা পায়। এতেকে,— বশৱৰ্ত্তী, পৰাধীন, subservient, dependent.

তলি-উদং মানুহ—বিং, তলি উদং অৰ্থাৎ বস্তু নথকা পাত্ৰেৰে মানুহক ৰিজোৱা হৈছে। এতেকে,—ধন-সম্পত্তি নাইকিয়া মানুহ, a destitute person.

তলে তলে-—ক্ৰি বিণ, কোনো মানুহে পানীৰ তলে তলে বুৰিয়াই বহু দুৰলৈকে যায়। সি কেনি যায় তাক কোনেও নেদেখে, যেতিয়া এঠাইত ওলায় গৈ তেতিয়া হে তাক দেখিবলৈ পায়। এতেকে,—গুপ্তভাবে, কোনেও গম ধৰিব নোৱৰাকৈ, secretly, without being noticed by any one.

তলে পুতল দিয়া—ক্ৰি, তাঁতৰ পুতল কাপোৰখনৰ ওপৰ ফালে লগোৱা হয়। আহোমবিলাকে পূৰ্ব্বে পুতল তলৰ ফালে লগাইছিল। যি সময়ত এই বচনৰ সৃষ্টি হয়, সেই সময়ত কোনো কোনো অহোমৰ প্ৰধান মানুহে শত্ৰু-দমনৰ অৰ্থে ষড়যন্ত্ৰ কৰিছিল। এতেকে,—ষড়যন্ত্ৰ কৰা, to conspire, to plot.

তাম তুলসী নমনা--বিণ, হিন্দুৰ মানত তাম আৰু তুলসী পবিত্ৰ বস্তু। এতেকে,-- বিধৰ্ম্মী , অনাচাৰী, holding heretical ideas, immoral.

তামোল-পাণ কটা—ক্ৰি, বিয়াৰ বন্দৱস্ত ঠিক হলে দৰাঘৰৰপৰা ছোৱালী-ঘৰলৈ দয়-দস্তুৰেৰে তামোল-পাণৰ ভাৰ নিয়া হয়। ৰাইজ মাতি সেই