ঢোকাও নপৰাকৈ থিয় দি থাকে। ঢোকাৰ তলৰ মুৰ মাটিত
নেপোতাকৈ ওপৰতে লগাই থোৱা হয়। কলগছৰ হেঁচা নপৰিলে
সি নিশ্চয় মাটিত পৰি যাব। বৰলোকক কলগছেৰে আৰু ইতৰ
লোকক ঢোকাৰে তুলনা কৰা হৈছে। এতেকে,—বৰলোক আৰু
ইতৰলোক উভয়ে উভয়ৰ সাহায্যৰ দ্বাৰা কাৰ্য্য চলোৱা, the afford-
ing of help mutually between a great man and an
ordinary man.
ঢোল পিটি শুনোৱা—ক্ৰি, কোনো বাতৰি ভাল মতে ৰাষ্ট্ৰ কৰিবলৈ হলে তাক ঢোল পিটি শুনোৱা যায়। এতেকে,—বহুলকৈ প্ৰচাৰ কৰা, ৰাষ্ট্ৰ কৰা, to circulate widely.
ঢোলৰ লগত টেমেকা—বিং, ভাল ঢোল ধুম-ধুম কৰে বাজে। টেমেকা শব্দে টেমেক- টেমেক-কৰে বজা বেয়া ঢোল বুজায়। এতেক,—কোনো প্ৰধান মানুহৰ লগত অকিঞ্চি কব া . a meall sorry fellow by | to side of a listinguishel pson, ঢৌ লেখ--ক্ৰি, নৈৰ পানীত অখংখ্য ঢৌ উঠে। যি মানুহৰ কোনো কাম-কাজ নাথাকে, সি পাৰত বহি কিমান ঢৌ ভটিয়াই গৈ আছে, তাকে লেখি থাকে। এতেকে,-কাম-বন নকৰি কাল কটোৱা, নিষ্কৰ্ম্ম। হৈ থকা, to idle away time, ঢোতে খৰ মৰা—ক্ৰি, পানীত সাতেৰোঁতে খৰ মৰা হয়। কিন্তু বাৰিষা ঢৌ উঠিলে থৰ মাৰিবলৈ টান হয়। যিবিলাক পাকৈত মানুহ, সেইবিলাকেঢৌৰ পাৰু বুজি ঢৌতে খৰ মৰিব পাৰে, অৰ্থাৎ ঢৌ উঠেতে তাৰ লগতে গাটো দাঙ্গি দি ঢৌ পৰোতে তাৰ লগতে গাটো লুটিয়াই পেলায়। এতেকে,--জঞ্জালৰ ভিতৰতে জাজৰি উলিওৱা, to satch away time from busy moments to be able to do something else,