পৃষ্ঠা:A Dictionary Of Phrases From Assamese To Assamese And English.djvu/১৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ঢেৰা-পাক
ঢোকাতে
১২৫


যাবলৈ বাট নিদিয়ে বোলা হৈছে। এতেকে,—অতিকৈ জুৰুলা- জপুৰা shabby and miserable,

ঢেঁৰা-পাক দিয়া—ক্ৰি, ঢেঁৰা-চৰাইবিলাকে শাৰী পাতি আকাশে দি অকাই-পকাই উড়ি যায়, আৰু আগৰ শাৰীৰ বাটে বাটে পিচৰ শাৰী যায়। গায়নৰ জোৰাই গান গাওঁতে সেইক্ৰমে যায় দেখি গায়নৰ এটা পাকৰ নাম ঢেঁৰা-পাক। এতেকে,—আগৰ শাৰীৰ পিচ ধৰি যোৱা, নভবা- নিচিন্তাকৈ পৰৰ অনুকৰণ কৰা, to follow the rfont line, to imitate others unthinkingly.

ঢোঁৰা সাপৰ ফোঁপাউৰি—বিং, ঢোঁৰা সাপৰ বিষ নাই, কিন্তু তাৰ ফোঁপাউৰি অথাৎ ফোঁচফোঁচনি বেচি। এতেকে, ক্ষমতাহীন মানুহে মুখেৰে দেখুওৱা ভয়, empty threats by a weak person.

ঢাৰীৰ আঁৰত ৰজাকো চৰ্চা—ক্ৰি, মাজত আঁৰ থাকিলে মানুহক দেখা পোৱা নাযায়। ঢাৰীৰ আঁৰত অৰ্থাৎ গুপ্ত স্থানত থাকি ৰজাৰ নিচিনা অসীম ক্ষমতাপন্ন মানুহৰো নিন্দাচৰ্চা কৰিব পৰা যায়, এই ভাব বুজোৱা হৈছে। এতেক,—লুকাই বৰ লোকৰো নিন্দা চৰ্চা কৰিব পৰা, to be able to speak it even of the greatest man of the land behind the screen.

ঢেৰাই-মেৰাই পৰা—ক্ৰি, [ ঢৰাত মেৰাই পৰা ] বৰকৈ ভাগৰ লাগিলে মানুহ ঢৰাত আহি মেৰপাক খাই পৰে। এতেকে,—বৰকৈ ক্লান্ত হোৱা, to feel too much exhausted.

ঢেৰেকনি মৰা—ক্ৰি, মানুহে হঠাৎ ডাঙ্গৰ ডাবি দিলে মেঘে ঢেৰেকেনি মৰাৰ নিচিনা শব্দ শুনি। এতেকে,--হঠাৎ ডাঙ্গৰকৈ ডাবি দিয়া, to scold in a thundering voice, to rebuke sternly.

ঢেৰুৱা-ঠাৰি সিজোৱা—ক্ৰি, ঢেৰুৱাৰ-ঠাৰি বেগতে নিসিজে। নিসিজা মানুহক ঢেৰুৱা-ঠাৰিৰে তুলনা কৰা হৈছে। এতেকে,--নিসিজা মানুহক সিজা কৰিবলৈ চেষ্টা কৰা অৰ্থাৎ হুটা মানুহক পৰামৰ্শ দিয়া, to offer advice to a wayward person.

ঢোকাতে কল ৰোৱা, কলাত ঢোকা ৰোৱা,—ক্ৰি, লাগনী কলগছ ভৰত পৰিব খুজিলে তাক ঢোকা দি ৰখা হয়। এই স্থলত কোৱা হৈছে, যে ঢোকা পাই কলগছ নপৰাকৈ থিয় দি থাকে, আৰু কলগছৰ হেঁচা পাই