পৃষ্ঠা:ৰেণু.djvu/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

তাহানিৰ দৰে  গাৰো পাহাৰত
 আজিও ম’ৰাই নাচে,
তাহানিৰ দৰে গছ-গছনিক
 বসন্তে ৰহণ যাচে;

তাহানিৰ দৰে  ইফালে সিফালে
 ফুলে বননিৰ ফুল,
তাহানিৰ দৰে  আন্ধাৰ পোহৰ
 তৰাৰ শুৱনী থুল,

তাহানিৰ দৰে ডেকা গাভৰুৱে
 আজিও হাটলৈ যায়,
তাহানিৰ দৰে ভোক লাগিলেই
 কৰ্কৰা ভাতকেই খায়;

৫৯