পৃষ্ঠা:ৰেণু.djvu/৬৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰেণু


নাপাবা বেজাৰ  তুমি লেটী, মোৰ
 চিৰ চেনেহৰ ধন;
তুমি অবিহনে  ভাবানেকি মোৰ
 শান্তিত থাকিব মন?

 

গাৰো পাহাৰত  বিচাৰিলে পাবা
 গাভৰু কত ধুনীয়া,
শেষ অনুৰোধ  লেটী মোৰ এই,
 তাৰে এটী বাছি লোৱা।”

 

কথাও ঢুকাল  বিজুলীৰ বেগে
 ঠুনুও অদৃশ্য হল,
গাভৰু সমাজে গাবলই মাথোঁ
 গীত এটী পৰি ৰল।

 ৫৮