পৃষ্ঠা:ৰেণু.djvu/৬১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 


ওচৰতে পালে  লেটিক, পাহৰোঁ
 সকলো যন্ত্ৰণা দুখ,
দিয়া আই, মোক  দিয়া আশীৰ্ব্বাদ
 লভো যেন সঙ্গ সুখ।’’

জীয়েকৰ কথা  শুনি মাকে কলে
 হুমুনিয়া কাঢ়ি এটি,
“মোৰ মূৰ খাৱ  এৰ সুখ আই,
 দুখীয়াৰ লৰা লেটি।

শুন আৰু ঠুনু এদিনৰ কথা
 বুঢ়াই মাৰিলে বৰা,
নাজানো তুফাঙ্গে কেতিয়াবা হেনো
 কৰি থইছিলে খোৰা৷

৫৩