পৃষ্ঠা:ৰেণু.djvu/৬০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

নোশোৱাতে মই   যদি আই তোৰ
 দেখিলোঁহেতেন জোৰ,
মনৰ সুখত  শেষ কাল আই,
 কটালোঁহেঁতেন মোৰ।”

 

কোঁচ-মোচ খাই ঠুনুৱে উত্তৰ
 লগালে, “যদিহে আই
বেজাৰ নোপাবা  কওঁ কথা এটি,
 দোষ হলে মোত নাই।

 

কবকে নোৱাৰোঁ,  লেটিক দেখিলে
 কিয আই মোৰ মন,
অতি আনন্দত  অতি উলাহত
 নাচি উঠে ঘনে ঘন

৫২