সমললৈ যাওক

পৃষ্ঠা:ৰেণু.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

মিছা কথা কই  মিছা মেল পাতি
 ফাকি দি বৰাটো নিলে,
ৰং ধেমালিৰে  হাঁহি খালে আই,
 এটুকুৰা যদি দিলে।

কৈছিলে তেতিয়া  বুঢ়াই আমাৰ
 মনৰ দুখত আই,
কেতিযানো তেওঁ  পাব এটি দিন
 প্ৰতিশোধ লব হায়!

মনৰ হেপাহ  মনতে থাকিল,
 বুঢ়া গল আই মৰি,
তই ঠুনু মোৰ অতি আদৰৰ
 নহনে তাৰে জীয়ৰী?

৫৪