পৃষ্ঠা:ৰেণু.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

কত কথা এনে  সুধিছে লেটিয়ে,
 ঠুনুকী উত্তৰ হীণা,
কিয়বা ছিঙিব  খোজে তাঁৰ হায়?
 বাজিব খুজিলে বীণা।

মুকুতাৰ দৰে  মাজতে ওলোৱা
 দুটোপা চকুৰ পানী,
কি বুজাব দুটি  হুমুনীয়া লই
 হিয়াৰ যাতনা আনি।

এনেতে এদিন  মাকে ঠুনুকীক,
 পুৱাই থাকোতে জুই,
কলে “আই ঠুনু,  চাপিলেহি মোৰ
 ওচৰ পৰিব শুই৷

৫১