সমললৈ যাওক

পৃষ্ঠা:ৰেণু.djvu/৫৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

“ঠুনুকী, ঠুনুকী, অতি আদৰৰ
 অতি হেপাহৰ ধন,
তুমি অবিহনে  প্ৰাণৰ ঠুনুকী,
 লোকালয় ভাবোঁ বন।

ঠুনুকী, তোমাক  নেদেখিলে মই
 দিনতে আঁন্ধাৰ দেখোঁ,
এফেৰি আঁতৰি থাকিলে ঠুনুকী,
 যুগ যেন পল লেখোঁ।

কবানে ঠুনুকী,  কবানে এবাৰ,
 আশাৰ প্ৰতিমা মোৰ
কেতিয়াবা হেৰা,  পৰিবনে বাৰু
 মোৰ ই চিন্তাৰ ওৰ?”

৫০