পৃষ্ঠা:ৰেণু.djvu/৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

ঠুনুকীৰ লগ  নেৰিছিলে লেটি
 ভাবি জানো দুখ পায়
বোজা বেচি হলে  আজলী ঠুনুকী,
 আৰু কোনে পতিয়ায়৷

দুখু টুৰা মান মাছৰ লগত
 ৰাতিয়েই পুৰি থোৱা,
কৰকৰা ভাত  যি অলপ পায়
 কাপোৰত বান্ধি লোৱা।

লাগিলেই ভোক,  গছৰ তলত
 উলিয়াই দুযো লই
খাইছিল বহি মনৰ সুখত
 কত কথা কই কই।--

৪৯