পৃষ্ঠা:ৰেণু.djvu/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

হেৰালে আজলী সৰুতে বাপেক,
 ককায়েক, দুটি ভাই,
মাকটী নহলে  সংসাৰত আৰু
 অপোন বুলিব নাই।

আধফুটা হই  তথাপি আছিল
 নিলগে নিলগে এটি,
চুবুৰিতে থকা  তুফাং গাৰোৰ
 আদৰুৱা ডেকা লেটি।

লোণ ডালি তেল শুকান মঙ্গহ
 কেতিয়াবা লগা হলে,
কচু জলকীয়া  বোজা বান্ধি লই
 হাটলৈ সলাব গলে।

৪৮