পৃষ্ঠা:ৰেণু.djvu/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

ঠমকি ঠমকি  ফিৰিলে মালতী,
 প্ৰফুল্ল তাতেই ৰল;
সন্ধিয়াৰ বেলি  পচিমাকাশত
 ধীৰে ধীৰে বুৰি গল।

নাহিবি দুনাই সিদিনাৰ নিশা,
 অতি ভয়লগা হই ,
নিঠুৰ হাতেৰে  গলি দুটিকেই
 অকালতে ছিঙি লই।

গজিছিল এটি   জুপি পাৰিজাত,
 ধৰিছিল দুটি কলি
কি কৰিলে তোৰ?  কিয় তই হেৰ
 তাকে সব নোৱাৰিলি?

৪৫