পৃষ্ঠা:ৰেণু.djvu/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 


“মালতী, মালতী,  চেনেহৰ ধন,
 কি শেষ কৰিলা আজি?
অভাগাৰ হিয়া–  আকাশত আৰু
 নৰবা কি তুমি ৰাজি?

ধিয়ানে গিয়ানে  সপিছোঁ তোমাক
 ই মোৰ সৰল হিয়া,
সেয়ে নেকি হেৰা,  তুমি আজি মোক
 এই প্ৰতিফল দিয়া?

কি কম তোমাক? বাঞ্ছা যদি সেয়ে,
 কৰা সকলোৰে ওৰ;
কি বুজাম আৰু?  কি বুজিবা তুমি
 হিয়াৰ যাতনা মোৰ।”

৪৪