পৃষ্ঠা:ৰেণু.djvu/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

এতিয়া মালতী  ‘ফু’টি বুলিলে
 ‘ল’ আৰু ওলাই নাহে
চকু দুটি যায় তল ফাললই,
 মুখ ৰঙা পৰি আহে।

বিয়ালই আৰু এটি মাহ মাথো,
 সাজ পাৰ ঠিক ঠাক,
দুই বৰুৱাৰ লাগিল কন্দল
 বিধিৰ বিষম পাক

গাৱঁতে এদিন  দুজন মানুহে
 কৰিছিল মৰামৰি,
সমজুবা বহি নাম ঘৰলই
 দুজনকে আনি ধৰি।

৪১