পৃষ্ঠা:ৰেণু.djvu/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

প্ৰফুল্ল মালতী একেটি আতমা,
 ছাঁ দুটিৰ মাথোঁ লৰ;
সৰুৰে পৰাই  উমলি-জামলি
 একেলগে হল বৰ।

দুই বৰুৱাণী উলিয়ালে মেল,
 “দুটি দুজনীৰে ধন;
উপযুক্ত হল সময় এতিয়া
 পতা যক বিয়াখন।”

এতিয়া নহয়  সি মালতী আৰু
 ফুল ফুল বুলি মতা;
এতিয়া নহয়  সি প্ৰফুল্ল আৰু
 ধূলিৰে ধেমালি পতা।

৪০