পৃষ্ঠা:ৰেণু.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

পাতিছিলে মেল, হলিয়ে দিছিলে
 দোষ যিজনৰ গাত,
দোষী সি নহয় ভাবি ওপৰতে
 দিছিলে মহীয়ে মাত

নিজ নিজ মত সমৰ্থন লই
 তৰ্ক উঠিছিল বৰ;
কালৰ কুটিল  গতিযে এখনি
 ভাঙিলে নতুন ঘৰ।

ডেকা ধনীৰাম  মৰোৱা গাৱঁৰ
 পটৰী ঘৰৰ লৰা;
প্ৰফুল্লক ভাঙি পাতিলে মহীয়ে
 তাকে মালতীৰ দৰা।

৪২