পৃষ্ঠা:ৰেণু.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

মালতী।

———

ৰতন পুৰীয়া বৰুৱা দুঘৰ,
 মহীধৰ হলিৰাম;
ধনে যশে মানে অঞ্চল খনতে
 দুঘৰৰে বৰ নাম।

মহীৰ আছিল একেটি ছোৱালী
 মালতী আইটি বুলি
হলিৰ আশাৰ গছত আছিল
 প্ৰফুল্ল বোপাটি ফুলি।

৩৯