সমললৈ যাওক

পৃষ্ঠা:ৰেণু.djvu/৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ৰেণু
 

বিৰহত।
⸺০⸺

সখি! অন্ত বসন্ত, ক’তা সি নিঠুৰ
 নাহিলেতো হেৰা আৰু।
দেখিম ইবাৰ কোনে হেৰা মোক
 কলঙ্কিণী কয় বাৰু!

আৰু কি এৰিম লাজ মান সখি?
 এৰি দিম গৃহকাম?
আৰু নেকি ছি ছি,  ঘৰ এৰি হেৰা,
 লম কলঙ্কিণী নাম?

৩৫